বৰাক উপত্যকাত অসমীয়া ভাষা শিক্ষা কেন্দ্ৰ মুকলি

বৰাক উপত্যকাত অসমীয়া ভাষা শিকণৰ প্ৰথমটো কেন্দ্ৰ  অসম সাহিত্য সভাই মুকলি কৰিছে।তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ আন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সহযোগিতাত অসমৰ সকলো অঞ্চলিক ভাষা কেন্দ্ৰটোত শিকোৱা হ’ব।কালি আনুষ্ঠানিকভাবে কেন্দ্ৰটো মুকলি কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে কেন্দ্ৰটোত অসমীয়াৰ লগতে আঞ্চলিক ভাষাও শিকোৱা হ’ব।পাঠ্যক্ৰমৰ সময়সীমা ছমাহৰ পৰা এবছৰ পৰ্যন্ত হ’ব।উল্লেখযোগ্য যে অসম সাহিত্য সভাই অসমীয়া ভাষা ব্যৱহাৰৰ প্ৰসংগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

Comments (0)
Add Comment