ভাৰত ৰত্নৰে সন্মানিত কৰিলে সুধাকণ্ঠক

দেশৰ ইতিহাসত আজি এটা বিশেষ দিন। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত  ৰত্নৰে সন্মানিত হ’ল  তিনি গৰাকী ব্যক্তি। তেখেতে সকল হ’ল বিশিষ্ট সমাজকৰ্মী নানাজী দেশমুখ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। উল্লেখ্য যে, নানাজী দেশমুখ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হৈ বিৰেন্দ্ৰ জিৎ সিং আৰু হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই বঁটা গ্ৰহণ কৰে। আনহাতে প্ৰণৱ মুখাৰ্জীয়ে নিজেই বঁটা গ্ৰহণ কৰে গ্ৰহণ কৰে। স্মতব্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহতে এই  সৰ্বোচ্চ সন্মানৰ বাবে তিনিগৰাকী ব্যক্তি নাম ঘোষণা কৰিছিল ।

Comments (0)
Add Comment