মডেলিঙৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিব খোজে অৰ্পিতাই

সাংস্কৃতিক নগৰী যোৰহাট জিলাৰ টীয়কৰ এগৰাকী প্ৰতিভাৱান কণমানি । নাম অৰ্পিতা বৰগোহাঁই। সৰুৰে পৰাই মডেলিং জগতত খোজ দিয়াৰ  তীব্ৰ ইচ্ছা অৰ্পিতাৰ । টীয়ক তামুলিছিগা পথৰুৱা চাংমাই গাঁৱৰ নিবাসী মুকুল বৰগোহাঁই আৰু মাতৃ মৌচুমী বৰগোহাঁইৰ কন্যা তথা টীয়ক জ্যোতি বিদ্যাপীঠৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী অৰ্পিতা বৰগোহাঁইয়ে ইতিমধ্যে মডেলিং জগতত কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছে । মিছ যোৰহাট ৰানাচআপ ,মিছ জাঁজী কিডছ জুনিয়ৰ ২০১৯ আদি খিতাপ অর্জন কৰাৰ লগতে মিছ জাঁজী বেষ্ট টেলেণ্ট আসাম যোৰহাট পাবলৈ সক্ষম হয় । এইবাৰ তাইৰ লক্ষ্য কলিকতাত অনুষ্ঠিত হ’ব লগা  মিছ এণ্ড মিছেছ ইণ্ডিয়া নেচনেলৰ চিজন ২ ৰ । অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ অহা মিছ এণ্ড মিছেছ প্ৰতিযোগিতাতও একাধিক বাৰ জয়ী হৈ অহা অৰ্পিতাই মডেলিং জগতৰ চিনাকী নাম ৰিঞ্জুমনি শৰ্মা আৰু মানস বৰগোহাঁই তত্বাৱধানত কলিকতা অনুষ্ঠিত হ’বলগীয়া মিছ এণ্ড মিছেছ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে। উক্ত প্ৰতিযোগিতাত জয়ী হ’বৰ বাবে  অৰ্পিতাক ৰাইজৰ লগতে শুভাকাংক্ষীৰ আশীৰ্বাদ আৰু সহায়ৰ প্ৰয়োজন।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment