মহানগৰীত ভাৰত বন্ধৰ প্ৰভাৱ নপৰিল

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী আইন জাপি দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দেশৰ কেইবাটাও কৃষক সংগঠনে সন্মিলিতভাৱে শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান দিছে।দেশৰ একাধিক কৃষক সংগঠনে এই বন্ধৰ আহ্বান দিছে যদিও আজি মহানগৰীত বিশেষ বন্ধৰ প্ৰভাৱ নপৰিল।ক’ভিড ১৯ ৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছিল।যাৰ ফলস্বৰূপে জন জীৱন স্তব্ধ হৈ পৰিছিল।ইয়াৰ উপৰিও ব্যৱসায় বাণিজ্যৰ বাবে যথেষ্ট ক্ষতি হৈছিল।ফলস্বৰুপে আজি বন্ধ মানিবলৈ ইচ্ছুক নহ’ল বুলি একাংশ ব্যক্তিয়ে মন্তব্য কৰিছে।

Comments (0)
Add Comment