মহানুভৱতাৰ পৰিচয় দিলে অক্ষয় কুমাৰে

ৰাজ্যত বানৰ বিভিষিকাময় পৰিবেশ অব্যাহত থকাৰ সময়তে বলিউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে অসমলৈ ২কোটি টকা আগবঢ়াইছে।ইয়াৰে ১কোটি টকা কাজিৰঙাৰ বাবে আৰু অন্য ১কোটি টকা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আগবঢ়াইছে।টুইটাৰৰ এক বাৰ্তাত অভিনেতা গৰাকীয়ে সদৰি কৰে যে অসমৰ বানপানী সমস্যাৰ বিষয়ে জানি খুবেই দুখী অনুভৱ কৰিছো।সেয়ে এনে দুৰ্যোগৰ সময়ত বানত ক্ষতিগ্ৰস্ত সকল আৰু কাজিৰঙাৰ বাবে এক কোটি টকাতকৈ দান কৰিব বিচাৰিছো।উল্লেখযোগ্য যে এই খবৰে চ’চিয়েল মেডিয়াত আজিৰ দিনটোত ব্যাপক চৰ্চা লাভ কৰিছে ।

Comments (0)
Add Comment