মাকো ব্যৱসায়ৰ বাবে প্ৰখ্যাত হৈ পৰা গাঁওখন

ধেমাজিৰ এখন বিশেষ গাঁও। গাঁৱখনৰ নাম বিষ্ণুপুৰ নাথ গাঁও। গাঁৱখনৰ অধিকাংশই অসমীয়া পৰম্পৰাগত থলুৱা শিল্পবিধৰ ব্যৱসায়ক জীৱন জীৱিকাৰ অন্যতম উৎস হিচাপে বাচি লৈছে। জানি সুখী হ’ব যে, গাঁওখনৰ অধিকাংশ লোকে মাকো নিৰ্মাণত ব্ৰতী হৈ আছে। যোৱা ২৫ বছৰ ধৰি বিষ্ণুপুৰবাসীয়ে প্ৰস্তুত কৰা মাকো অসমৰ বিভিন্ন ঠাইৰ মানুহে ক্ৰয় কৰিছে। বিশেষকৈ সাহিত্য সভা, শিৱৰাত্ৰী, শংকৰ সংঘৰ অধিবেশন আদিত মাকো বিক্ৰী হয় বুলি একাংশ গাঁওবাসীয়ে মতপোষণ কৰিছে। উল্লেখ্য যে, পৰম্পৰাগতভাৱে চলি অহা এই ব্যৱসায় বৰ্তমান সময়তে প্ৰসাৰ লাভ কৰিছে। প্ৰতিটো মাকোৰ মূল্য ৪০ টকাৰ পৰা ১২০ টকাত বিক্ৰী  বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে, মেলা, অধিবেশনৰ বাহিৰেও গাঁওখনলৈ বহু ব্যৱসায়ী আহি ক্ৰয় কৰে। মাকোৰ বাবে বিখ্যাত হৈ পৰা এই গাঁওখনে সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে।
সহযোগ কৰিলে ধেমাজিৰ পৰা বিজন শৰ্মাই..

Comments (0)
Add Comment