মাজুলীক সেউজময় কৰি তোলা এগৰাকী প্ৰবক্তাৰ কথাৰে

নদীদ্বীপ মাজুলীৰ অনুপম সৌন্দর্য্যই বহু দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে।এই সৌন্দর্য্যক আৰু এঢোপ আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে মাজুলীৰ এজন প্ৰবক্তাই।
মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড০ ৰাজেন বৰাই সেউজময় পৰিৱেশ গঢ় দিয়াৰ বাবে দৰিয়া গোৱালবাৰী পথত বহুতো বৃক্ষ ৰোপন কৰিছে।জানিব পৰা মতে ৰাজেন বৰায়ে প্ৰায় ৭-৮ বছৰ মান আগতে নিজাকৈ এনে পদক্ষেপ গ্রহণ কৰিছিল।
তেখেতে ৰোপন কৰা গছ সমূহৰ ভিতৰত আমলখি,শিলিখা,মধুৰী,লেতেকু অন্যতম।ইতিমধ্যে গছবোৰত ফলও লাগিছে।বাটৰ বাটৰুৱা,সমীপৱৰ্তী মহাবিদ্যালয়ৰ ছাত্র ছাত্রীয়ে ফলসমূহ পাৰি খাই বুলি জানিব পৰা গৈছে।
এন ই ফ’কাচৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাজেন বৰাই কয় যে এটা গছৰ পুলি প্ৰতিপালন কৰি ডাঙৰ কৰা বহু কষ্টকৰ।মই ব্যস্ততাৰ মাজতো নিয়মীতভাৱে সন্ধ্যা ভাগত গছ পুলিত সাৰ,পানী দিয়াৰ লগতে কাপোৰে বেৰি দিছিলো।যিহেতু গ্ৰাম্যাঞ্চলত গৰু ছাগলীয়ে বহু উপদ্ৰৱ কৰে,সেই হেতু যথেষ্ট নজৰ ৰাখিব লগা হৈছিল।এতিয়া অৱশ্যে সেই পৰ্যায় পাৰ হৈছে।মই ৰোৱা গছবোৰলৈ বিভিন্ন চৰাই চিৰিকটি আহে।তাকে দেখি আনন্দিত হৈছো।এই মন্তব্য ড০ ৰাজেন বৰাৰ।স্মৰ্তব্য যে তেওঁ অনাগত দিনটো পোহাৰদিয়া পমুৱা পথত আজাৰ গছ ৰোপন কৰিব।
পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন ,এই বিশেষ ব্যক্তিজনৰ কৰ্মক সকলোৱে প্ৰশংসা কৰিছে।
সংগীতা শইকীয়া ।

Comments (0)
Add Comment