মেগা লোন মেলা অনুষ্ঠিত

কামৰূপ জিলাৰ পলাশবাৰীৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত প্ৰাঙ্গনত হাইৱে অট’ এজেঞ্চিয়ে আজিৰ পৰা ৫ মে’ লৈকে মটৰ চাইকেল “হিৰো”ৰ বিভিন্ন সা-সুবিধা আৰু অফাৰৰে মেগা লোন মেলা অনুষ্ঠিত কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা “হিৰ” মটৰ চাইকেলৰ মেগা লোন মেলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে হাইৱে অ’ট এজেঞ্চি প্ৰতিষ্ঠাপক হৰমোহন কলিতাই‌ । মুকলি কৰি কলিতাই উক্ত মেল লোন মেলাত গ্ৰাহকসকলে মটৰ চাইকেল ক্ৰয় কৰাৰ সময়ত নথি পত্ৰ সমুহ পৰীক্ষা কৰিব লাগে আৰু নিৰ্দ্ধাৰিত সময়ত নিজৰ লোণ সমুহ পৰিশোধ কৰিব লাগে যাতে পিছলৈ যিকোনো গাড়ী ক্ৰয় কৰাত কোনো অসুবিধা নহয় বুলি উল্লেখ কৰে। উক্ত মেলাত হাইৱে অ’ট এজেঞ্চি, মিৰ্জাৰ স্বত্তাধিকাৰী প্ৰদীপ কলিতা উপস্থিত থাকি মেগা লোন মেলাত গ্লেমাৰ, চুপাৰ স্প্লেনদাৰ অতি কম ডাউন পেমেণ্ট মাত্ৰ ৭,৯৯৭ টকাত আৰু হিৰ’ৰ স্কুটাৰ ৬,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। লগতে সহজ ফাইনেন্সৰ সুবিধা, বিশেষ এক্সচেঞ্চ অফাৰ ১,৫০০ টকাত লগতে ক্ৰয় কৰা প্ৰতিগৰাকী ব্যক্তিলৈ আকৰ্ষণীয় উপহাৰ প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে। প্ৰতিকুল বতৰকো নেওচি উক্ত মেলাত বুজন সংখ্যক গ্ৰাহকে মটৰ চাইকেল আৰু স্কুতি ক্ৰয় কৰিছে বুলি জনাইছে উদ্যোক্তাসকলে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..

Comments (0)
Add Comment