মৰাণৰ জৈৱিক খেতিয়ক জাপানলৈ আমন্ত্ৰিত

জাপানৰ নিচিন চহৰত অনুষ্ঠিত হ’ব লগা এক কৰ্মশালাত অংশগ্ৰহণ গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে মৰাণৰ জৈৱিক খেতিয়ক মনোজ দত্ত।জানিব পৰা মতে এই কৰ্মশালা খনত ৰাজস্থান আৰু তামিলনাডুৰ দুজন এন জি অ’ৰ কৰ্মীয়েও অংশগ্ৰহণ কৰিব ।উল্লেখযোগ্য যে মনোজ দত্ত ডিব্ৰুগড়ৰৰ সূৰুযমুখী এন জি অ’ৰ সঞ্চালক ।অহা ১ছেপ্টেম্বৰ পৰা ৪৫দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা কৰ্মশালাখনত ভাৰতবৰ্ষৰ লগতে কম্বোডিয়া, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা, থাইলেণ্ডৰ ১৩জন যুৱ উদ্যমীয়ে অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment