যোৰহাট জিলা কাৰাগাৰত বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ বাঁহ গাজ সম্পৰ্কীয় প্ৰশিক্ষণ সম্পন্ন

যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৱা ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰ তাৰিখলৈকে যোৰহাট জিলা কেন্দ্ৰীয় কাৰাগাৰত বাঁহ গাজ প্ৰসংস্কৰন আৰু মূল্য সংযোজনৰ তিনিদিনীয়া কাৰ্য্যসূচী সম্পন্ন হয়।ৰাষ্ট্ৰীয় বাঁহ অভিযান তথা ডেৰাদুনত থকা ভাৰতীয় বন তথা শিক্ষা পৰিষদৰ অৰ্থ সাহাৰ্য্যত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীত কাৰাগাৰখনৰ ৩০ জন কাৰাবাসীয়ে অংশ গ্ৰহণ কৰে। ২৬ ডিচেম্বৰ ২০২২ তাৰিখে অনুষ্ঠিত হোৱা আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে যোৰহাট ন্যায়িক সেৱা প্ৰাধিকৰণৰ সম্পাদক দেৱজ্যোতি ভূঞাই। কাৰাগাৰৰ অধীক্ষক শ্ৰী অৱনী মুক্তিয়াৰে সঞ্চালনা কৰা অনুষ্ঠানত বৰ্ষাৰণ্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতা,কাৰাগাৰৰ চিকিৎসক ড° অমৰেন্দ্ৰ পাঠক,সমল ব্যক্তি প্ৰাঞ্জল কুমাৰ গোস্বামী আদি কৰি বিভিন্ন গণ্যমান্য ব্যক্তি‌ উপস্থিত থাকে।প্ৰশিক্ষণ কাৰ্য্যসূচীৰ প্ৰথম দিনা ৰাজীৱ কুমাৰ কলিতাই প্ৰশিক্ষাৰ্থী সকলক বাঁহৰ সামগ্ৰী ব্যৱহাৰৰ ওপৰত এটি দৃশ্য শ্ৰৱ্য প্ৰশিক্ষণ আগবঢ়ায়।সমল ব্যক্তি প্ৰাঞ্জল কুমাৰ গোস্বামীয়ে সমগ্ৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অতি সুচাৰুৰূপে পৰিচালনা কৰে।সম্পূৰ্ণ ৰূপে হাতে কামে কৰা প্ৰশিক্ষণত বাঁহ গাজৰ প্ৰসংস্কৰন আৰু মূল্য সংযোজনৰ আঠ টা কৌশল প্ৰদান কৰে।বাঁহৰ গাজৰ লগতে কেনেদৰে কুকুৰাৰ মাংস, শুকান মাছ,তেতেলি,আম, ভোট জলকীয়া,নেমু,জলফাই আদি সংযোজন কৰি মূল্য বৃদ্ধি কৰিব পাৰি।ইয়াৰ বিষয়ৰ হাতে কামে কৰি দেখুৱাই।প্ৰত্যেক জন কাৰাবন্দী প্ৰশিক্ষাৰ্থীয়ে অতি আন্তৰিকতাৰে শিকি লয়। লগতে কিছুমান আনুসংগিক কথা যেনে packaging, sealing প্ৰশিক্ষণ দিয়ে।

২৮ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ সঞ্চালক,ড° প্ৰসন্ন কুমাৰ পাঠক,বিশিষ্ট অতিথি কাৰাগাৰ উপমহাপৰিদৰ্শক , ভূপেন চন্দ্ৰ দাস আদি কৰি বিভিন্ন লোক উপস্থিত থাকে।

Comments (0)
Add Comment