লায়নচ ক্লাব অব গুৱাহাটী উমঙৰ উদ্যোগত লাৰিকা গ্ৰীন হেমলেত বঙৰাত বৃক্ষ ৰোপন

বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি আজি লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ উদ্যোগত ২০০ জোপা বৃক্ষ ৰোপন কৰা হয়। লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ সভানেত্রী।চীমা চনীয়ে এটা আম গছৰ পুলি ৰোপন কৰি সকলো জনসাধৰণকে গছ গছনিক মৰম কৰিবলৈ আহ্বান জনায়। সেচ্ছাসেৱী সংগঠনটোৱে এক মাহত ১০ হাজাৰ গছপুলি ৰোপন কৰাৰ সংকল্প গ্ৰহণ কৰিছে। বৃক্ষ ৰোপন কাৰ্য্যসূচীত বঙৰা গাৱৰ উদ্যমি যুবক অমৃত দাস, লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ সম্পাদিকা কাঞ্চন পদ্দাৰ, কোষাধ্যক্ষ কুচুম জৈন, জনসংযোগ বিষয়া আৰুচি চেনা, সমাজসেৱীকা চীমা গোয়িংকা, অধ্যাক্ষা নিভা ছৰাফ, সদস্যা চুজাতা জৈন, ৰেখা জৈন আদি উপস্থিত থাকি একোটাকৈ গছপুলি ৰোপন কৰে। আজিৰ বৃক্ষ ৰোপন কাৰ্য্যসূচীত লাৰিকা বঙৰাৰ দিলীপ ছেৰাফ আৰু সাংবাদিক নিৰেন চন্দ্র মালীয়ে সহযোগিতা আগবঢ়াই।

Comments (0)
Add Comment