শংকৰ-মাধৱৰ জীৱন দৰ্শন আৰু শংকৰী ক’লা কৃষ্টি”ৰ ভিত্তিত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ দলৰ অংশ গ্ৰহণ-দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গুৰুজয়ন্তীৰ সামৰণি

একশৰণ ভাগৱতী সমাজৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৩ নং আমতলা গাঁৱত থকা শংকৰ-মাধৱ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত যোৱা ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাপুৰুষ গুৰুজনাৰ ৫৭৩ তম্ আবিৰ্ভাৱ মহোৎসৱটি উদযাপন কৰা হব । এই উপলক্ষে ১৫ অক্টোবৰৰ পুৱা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় । তাৰ পিছতে ১৬ অক্টোবৰৰ পুৱা অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে ৩ নং আমত’লা গাঁৱৰ চুমী দাস আৰু লোহিত দাসে । আবেলি ৩ বজাত শংকৰ-মাধৱৰ জীৱন দৰ্শন আৰু শংকৰী ক’লা কৃষ্টিৰ ভিত্তিত শিক্ষক প্ৰণৱ দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত যোৰহাট, নগাঁও, হাজো, ছমৰীয়া, ৰামদিয়া, বকো, ছয়গাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা কুইজ কৰিবলৈ আহে কেবাটাও আগশাৰীৰ দল । উক্ত কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰামদিয়াৰ নিলোৎপল পাটোৱাৰী আৰু হিমাক্ষী পাটোৱাৰীৰ দলে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে মনোজ কুমাৰ দাস আৰু হলিৰাম দাসৰ দলে । তৃতীয় স্থান লাভ কৰে অক্ষয় দাস আৰু হৰিদেৱ দাসৰ দলে । অতি আকৰ্ষণীয় কুইজ অনুষ্ঠিত কৰা বাবে শিক্ষক প্ৰণৱ দাসক ভাগৱতী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । নিশা অনুষ্ঠিত হোৱা বৰগীত প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ক্ৰমে অমূল্য দাস আৰু সনাত কুমাৰ দাসে । তাৰ পিছতে কুলডুঙৰ কণমানি শিল্পী নৱজিৎ কৈৱৰ্ত, সভাপতি হৰেন দাস, সম্পাদক নিৰ্মল দাসক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ শেষত অচ্যুত দাস আৰু পংকজ দাস বাপে গুণমালা কীৰ্ত্তন পৰিচালনা কৰে।

Comments (0)
Add Comment