শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তি উন্মোচন

কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ এটা প্ৰতিমূৰ্তি অলপতে বি টি এডিৰ বাক্সা জিলাৰ তামুলপুৰৰ কলাবাৰীত স্থাপন কৰে।
 
প্ৰতিমূৰ্তিটো আনুষ্ঠানিক ভাৱে উন্মোচন ৰাজ্য সভা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।ইয়াৰ লগতে চি আৰ পি এফৰ জোৱান সকলে গাৰ্ড অফ অনাৰ জনায়।
 
উল্লেখযোগ্য যে বড়ো সকলৰ সম্পূৰ্ণ ৰীতি নীতি অনুসৰি পূজা অৰ্চনা কৰি শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।এই অনুষ্ঠানত শ্বিলংস্থিত চি আৰ পি এফৰ আই জি প্ৰকাশ ডি ৰ  লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

Comments (0)
Add Comment