শ্বিলঙৰ কিশোৰীৰ অভিনৱ উদ্ভাৱন

অনৈতিক কাৰ্যকলাপ বিৰোধী এপ উদ্ভাৱন কৰি চৰ্চালৈ আহিছে এগৰাকী কিশোৰী।শ্বিলঙৰ মেই মেই নামৰ কিশোৰী গৰাকীয়ে অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰ সময়ত পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ এই এপ তৈয়াৰ কৰিছে।
যাৰ জৰিয়তে শিশুসকলে তেওঁলোকৰ সৈতে হোৱা অনৈতিক কাৰ্যকলাপৰ বিষয়ে অভিভাৱক,শিক্ষক তথা বন্ধুবৰ্গক অৱগত কৰিব পাৰিব।বৰ্তমান সময়ত ইণ্টাৰনেটৰ বহুল ব্যৱহাৰৰ ফলত চাইবাৰ ক্ৰাইম দিনে দিনে বাঢ়ি গৈ আছে।বিদ্যালয়ত এনে কাৰ্যকলাপৰ সন্মুখীন হোৱা শিশুসকলে মানসিক আঘাত পোৱাৰ লগতে তেওঁলোকৰ জীৱনকলৈও চিন্তিত হ’বলগীয়া হয়।শ্বিলঙৰ কিশোৰী মেই মেই আৰু তাইৰ ভগ্নীয়েও বিদ্যালয়ত এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল,য’ত আন শিক্ষার্থীয়ে তেওঁলোকৰ সৈতে অশালীন ব্যৱহাৰ কৰিছিল।
হুৱাইটহেট জুনিয়ৰ প্লেটফৰ্মত কোডিঙৰ বিষয়ে জ্ঞান আহৰণ কৰি মেই মেইয়ে নিজৰ জ্ঞানৰ ব্যৱহাৰেৰে আন শিশুসকলক এনে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱাকৈ এটা এপ তৈয়াৰ কৰাৰ কথা চিন্তা কৰে।জানিব পৰা মতে এই এপটোত এবাৰ লগ ইন কৰিলে ভুক্তভোগী শিশুটিয়ে এনে কাৰ্যৰ সবিশেষ বিনিময় কৰিব পাৰিব।উল্লেখ্য যে ইউনেস্কোৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বজুৰি বিদ্যালয়সমূহত প্ৰতি তিনিটা শিশুৰ ভিতৰত এটাই এনে অনৈতিক কাৰ্যকলাপৰ সন্মুখীন হয় আৰু এই সমান অনুপাতৰ শিশুৱে শাৰীৰিক অত্যাচাৰৰো সন্মুখীন হয়।
এ২০১৮ কম্পাৰিটেক সমীক্ষা অনুসৰি বিশ্বৰ আন প্ৰান্তৰ তুলনাত ভাৰতীয় শিশুসকলৰ ক্ষেত্রত এনে অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰ সম্ভাৱনা বেছি।এই ক্ষেত্ৰত মেই মেইৰ অনৈতিক কাৰ্যকলাপ বিৰোধী এপটোৱে যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।

Comments (0)
Add Comment