শ্বিলঙৰ পৰা কলিকতালৈ আজিৰে পৰা বিমান চলিব

শ্বিলঙৰ পৰা কলিকতালৈ আজিৰে পৰা বিমান চলিব।জানিব পৰা মতে আজি বিয়লি ৪বজাৰ পৰা  ৰিভয়স্থিত বিমান বন্দৰ উমৰোৰ পৰা ইণ্ডিগো বিমানে  যাত্ৰা আৰম্ভ কৰিব।প্ৰাৰম্ভিক টিকটৰ মূল্য ২৮৯৯ টকা ধাৰ্য্য কৰা হৈছে ।ইতিমধ্যে বিমান বন্দৰটোত যাৱতীয় পৰীক্ষণমূলক কাম কাজ সমাপন হৈছে।এই উৰণৰ সম্পৰ্কে ইণ্ডিগোৱে টুইটাৰত এনেদৰে লিখিছে -শ্বিলং আৰু কলিকতাৰ মাজত আৰম্ভ হ’ল নন ষ্টপ বিমান সেৱা।উত্তৰ পূবৰ স্কটলেণ্ড খ্যাত শ্বিলঙলৈ মাত্ৰ এতিয়া কেইটামান মূহুৰ্তৰ বাট।এতিয়াই বুকিং কৰক।উল্লেখযোগ্য যে উমৰো বিমান বন্দৰৰ পৰা বৰ্তমানলৈকে সৰু বিমানহে চলাচল কৰি আছে।

Comments (0)
Add Comment