সাংবাদিক পৰাগ কুমাৰ আদিত্যলৈ অৰোহণ বঁটা

অসমৰ সাংবাদিকসকলৰ ভিতৰত পৰাগমণি আদিত্য এখন চিনাকী মুখ।তেখেতে অসমীয়া প্ৰতিদিন,আমাৰ অসম,দৈনিক জনসাধাৰণ,নিউজ লাইভ আৰু নিউজ 18 অসম নৰ্থ ইষ্ট’ত সংবাদ সেৱা আগবঢ়াই আহিছে। বৰ্তমান এইজন বিশিষ্ট সাংবাদিক টাইম 8 ৰ সম্পাদক হিচাপে কৰ্মৰত।এইবাৰ চামগুৰিৰ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী আৰোহণে ২০১৯-২০২০ বৰ্ষৰ ‘আৰোহণ বঁটা’ প্ৰদান কৰে পৰাগমণি আদিত্যক।তেওঁৰ জন্মস্থান চামগুৰিৰ চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত চিৰঞ্জীৱ থিয়েটাৰৰ মঞ্চত এখন গামোচা,শৰাই,স্মাৰক আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনাই আৰোহণ কৰ্তৃপক্ষই।উল্লেখযোগ্য যে চামগুৰিৰ সামাজিক,সাংস্কৃতিক,শিল্প,সাহিত্যকে ধৰি বিভিন্ন ক্ষেত্রত অৰিহনা যোগোৱা ব্যক্তিক আৰোহণ গোষ্ঠীয়ে এই বঁটা আগবঢ়াই আহিছে।

Comments (0)
Add Comment