সোণাৰিত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিলে এজন সমাজ কৰ্মীয়ে

দেশজুৰি কৰ’ণাৰ আগ্ৰাসনৰ মাজতে সোণাৰিৰ সমাজকৰ্মী তথা কংগ্ৰেছ নেতা উৎপল গগৈয়ে আজি অৰ্ধশতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ জন্ম দিন ওপলক্ষে সোণাৰিত আজি সাহাৰ্য সামগ্ৰী বিতৰণ কৰে।
 
 
সোণাৰি নগৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বিতৰণ কৰা হয় নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী। সোণাৰি পৌৰসভাৰ অন্তৰ্গত ১৩ নং ৱাৰ্ডত  সাহাৰ্য সামগ্ৰী সমূহ বিতৰণ কৰা হয়। চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক তথা সমাজকৰ্মী উৎপল গগৈয়ে সাহাৰ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।
 
খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কংগ্ৰেছ নেতা গৰাকীয়ে চীনা সৈন্যৰ আক্ৰমণত ভাৰতীয় সৈন্য নিহত হোৱা ঘটনাত শোক প্ৰকাশ কৰা লগতে অনাগত দিনত যাতে শত্ৰু সৈন্যৰ আগত থমকি ৰ’ব লগা নহয় তাৰ কামনা কৰে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই

Comments (0)
Add Comment