সৌন্দৰ্য প্ৰতিযোগিতাত একে বছৰতে তিনিটাকৈ খিতাপ অৰ্জন জামুগুৰিহাটৰ পিংকী শইকীয়াৰ

চলিত বৰ্ষত তিনিখনকৈ সৌন্দৰ্য্য প্ৰতিযোগিতাত চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অঞ্চলটোৰ বাহবাৰী সত্ৰ গাঁৱৰ বোৱাৰী পিংকী শইকীয়াই। তেজপুৰত যোৱা ৩১জুলাইত Spark Professional Academy ৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত ‘Mrs Glam-2022’ৰ চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা পিংকীয়ে লগতে চলিত বৰ্ষত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা ‘Mrs- Borluit’ আৰু ৰাঙাপাৰাত phoenix north east festival য়ে আয়োজন কৰা সৌন্দৰ্য্য প্ৰতিযোগিতাতো চুড়ান্ত খিতাপ লাভ কৰিবলৈ সক্ষম হয়।একেটা বৰ্ষতে তিনিখনকৈ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগিক হেৰুৱাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা পিংকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।উল্লেখ্য যে পিংকী শইকীয়াৰ স্বামী নিৰ্মল শইকীয়া এগৰাকী ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱান।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment