সৌৰশক্তি চুক্তি স্বাক্ষৰিত

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ বাবে ৭০মেগাৱাট আৰু আমগুৰি সৌৰ পার্কৰ বাবে ৭০মেগাৱাট সৌৰশক্তি চুক্তি স্বাক্ষৰ কৰা হয়।মুখ্যমন্ত্ৰী আকাশদ্বীপ আঁচনিৰ অধীনত এই চুক্তি পত্ৰ আজি জনতা ভৱনত স্বাক্ষৰিত হয়।
এ পি ডি চি এল আৰু জেকচন কোম্পানীৰ মাজত এই চুক্তি পত্ৰ স্বাক্ষৰ হয়। উল্লেখযোগ্য যে বিগত দুই বছৰত ৰাজ্য চৰকাৰৰ ফালৰপৰা প্ৰায় ১৮  লাখ পৰিয়ালক বিজুলী যোগান ধৰা হৈছে ।আজি এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে দিবাংগ সকলক মৰ্য্যদা সহকাৰে জীয়াই থকাৰ  মাহিলী এক হাজাৰকৈ দিয়াৰ ঘোষণা কৰে৷আমগুৰি প্ৰকল্প জানুৱাৰী আৰু উত্তৰ কাছাৰ প্ৰকল্প ২০২১ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আহ্বান জনায়৷
এই দুটা প্রকল্পই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Comments (0)
Add Comment