স্মাৰ্ট এপ মুকলি

আমাৰ মূল উদ্দেশ্য হৈছে সমাজত জাগৰণ সৃষ্টি কৰা । কেৱল শৌচালয় নিৰ্মাণ কৰাই নহয়!ৰাইজে শৌচালয়  ব্যৱহাৰ কৰিছেনে নাই, আচাৰ ব্যৱহাৰ সলনি কৰিছেনে নাই এই সকলোবোৰৰ সম্পৰ্কেও দৃষ্টি ৰখা হয়।এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ।আজি নেডফি হাউচত  অনুষ্ঠিত  স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ এক অনুষ্ঠানত স্মাৰ্ট এপ শীৰ্ষক এটা এপ আনুষ্ঠানিকভাৱে উন্মোচন কৰি তেখেতে কয় যে  আমি যোৱা ৩বছৰৰ ৩২লাখ শৌচালয় নিৰ্মান কৰিছো।অনাময়ৰ সঠিক  ব্যৱস্থা কৰা , প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা ইত্যাদি বিষয়ৰ সৰ্ম্পকেও মন্তব্য কৰে।উল্লেখযোগ্য যে ইতিমধ্যে ২০১৯চনৰ মাৰ্চত মুকলিত শৌচমুক্ত ৰাজ্য হিচাপে অসমে স্বীকৃতি লাভ কৰিছে।স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি পূৰ্বে অনুষ্ঠিত কৰা ক্লীন এণ্ড গ্ৰীণ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক  সম্বৰ্ধনা জ্ঞাপন কৰে।আজি অনুষ্ঠিত অনুষ্ঠানত  গ্ৰামীণ অভিযানৰ সঞ্চালক ডক্টৰ সিদ্ধাৰ্থ সিং, প্ৰধান সচিব অবিনাশ যোশীৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে ।

Comments (0)
Add Comment