২০ এপ্ৰিলৰ পৰা এইসকল লোকে স্বাভাৱিকভাৱে কৰ্ম সম্পাদন কৰিব পাৰিব

দ্বিতীয় পৰ্য্যায়ৰ লক ডাউনৰ আজি দ্বিতীয় দিন।এই লক ডাউনৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা।সেই অনুসৰি সামাজিক স্থানত ওলালে মাস্ক পিন্ধাতো অনিবাৰ্য।ৰাজহুৱা স্থানত থু পেলালে আইন মতে দণ্ডণীয় হ’ব।
 
সামাজিক দূৰত্ব বজাই ৰাখি অহা ২০ এপ্ৰিলৰ পৰা এইসকল লোকে কৰ্ম সম্পাদন কৰিব পাৰিব।সেইসকল লোক হ’ল কৃষিক্ষেত্ৰ,পশুপালন লগত জৰিত সকল,অত্যাৱশকীয় সা সামগ্ৰী পৰিবহন কাৰী সকল,প্ৰাইভেট চিকিউৰিটি সৈতে জৰিত সকল,হোটেল,ল’জ ব্যৱসায়ৰ লগত জৰিত সকল,অনলাইন শিক্ষা আৰু ব্যৱসায়ৰ লগত জৰিত সকল,কুৰিয়াৰ চাৰ্ভিচৰ সৈতে স্বাভাৱিক ভাৱে কৰ্ম সম্পাদন কৰিব পাৰিব।
অৱশ্যে কোন কোন ঠাইত প্ৰযোজ্য হ’ব সময়তেহে জনা যাব।

Comments (0)
Add Comment