৩১ ডিচেম্বৰৰ বাবে প্ৰশাসনে কি কি নীতি নিয়ম বলবৎ কৰিছে

৩১ ডিচেম্বৰক লৈ কঠোৰ হৈছে মহানগৰ আৰক্ষী।সেই বিশেষ দিনটোৰ বাবে ক্ষেত্ৰত মহানগৰ প্ৰশাসনে কেতবোৰ নিয়ম বান্ধি দিছে ।এই নিয়ম অনুযায়ী নিশা ১২ বজালৈ কেৱল অনুজ্ঞাপত্ৰ থকা বাৰহে খোলা ৰাখিব পাৰিব। লগতে মাস্ক আৰু ছেনিটাইজাৰ লগত ৰখাটো বাধ্যতামূলক হ’ব।সুৰাপায়ীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে।
উক্ত দিনা নিশা ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলাব।সুৰাপান কৰি নিশা গাড়ী নচলাবলৈ মহানগৰ বাসীক অনুৰোধ জনাইছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।গুপ্তাই লগতে জনাই যে যান-বাহন আইন ভংগকাৰী বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব মহানগৰ আৰক্ষীয়ে।আনহাতে নিশা ১০ বজাৰ পিছত উচ্চস্তৰত কোনোও মিউজিক বজাব নোৱাৰিব।

Comments (0)
Add Comment