দুটা ভাল খবৰ

অহা ১৫ ডিচেম্বৰত বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বিহাৰ ঝাৰখণ্ড যুৱ মহোৎসৱত অসমৰ এগৰাকী উদ্যমীয়ে অংশগ্ৰহণ কৰিব। বিকাশ কলিতা নামৰ উদ্যমী গৰাকীয়ে এই সভাত মটিভেশ্ব’নেল স্পীকাৰ হিচাপে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে।এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোত প্ৰায় ডেৰ লক্ষাধিক মানুহে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে।আনহাতে দুৰ্নীতি দৰ্পণ কাকতৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত প্ৰয়াত সাংবাদিক দীলিপ কুমাৰ চক্ৰৱৰ্তী শ্ৰেষ্ঠ সাংবাদিক সোঁৱৰণী বঁটা প্ৰদান কৰিব সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰক।স্মৰ্তব্য যে অহা ১২ জানুৱাৰীত তেখেতে এই বঁটা গ্ৰহণ কৰিব।

Comments (0)
Add Comment