এন আৰ এলে অন’কোলজী ৱাৰ্ড স্থাপন কৰিব

এন আৰ এল আৰু ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটউট গুৱাহাটীৰ মাজত আজি দুই কোটি ব্যয় সাপেক্ষে বি চি আইত এটা শিশু অ’নকোলজী ৱাৰ্ড স্থাপনৰ বাবে চুক্তি হয় ।বি চি আইৰ সঞ্চালক ডক্টৰ এ চি কাকতি আৰু এন আৰ এলৰ  চি জি এম ডি চৌধুৰীয়ে আৰু এন আৰ এলৰ জ্যেষ্ঠ চি জি এম বি এক্কাৰ লগত চুক্তিত স্বাক্ষৰ কৰে।এই শিশু অন’কোলজী’ ৱাৰ্ডত ১৫খন বিচনাযুক্ত ডে কেয়াৰ কেমোথেৰাপী ইউনিট আৰু এক ৰিক্ৰিয়েশ্বনেল তথা ক্ৰিয়েভিটি অঞ্চল থাকিব। কোম্পানীটোৱে এনেদৰে চি এছ আৰ কাৰ্য্যসূচীৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।

Comments (0)
Add Comment