উদ্যোগ মন্ত্রী বিমল বড়াৰ উত্তৰ -পূৱ হস্তশিল্প আৰু হস্ত তাঁত উন্নয়ন নিগমৰ চৌহদ পৰিদৰ্শন

0 57

ৰাজ্যৰ উদ্যোগ,বাণিজ্য,ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি পামহীস্হিত উত্তৰ -পূৱ হস্তশিল্প আৰু হস্ত তাঁত উন্নয়ন নিগমৰ চৌহদ পৰিদৰ্শন কৰে।
উদ্যোগ বিভাগৰ যুটীয়া সচিব তথা উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপাক লগত লৈ নিগমৰ কাৰ্যালয় উপস্থিত হৈ মন্ত্ৰী বড়াই নিগমৰ হস্তশিল্প আৰু হস্ত তাঁত কৰ্মশালা পৰিদৰ্শন কৰি শিল্পী তথা শিপিনী সকলৰে মত বিনিময়ো কৰে।
উল্লেখ্য যে উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (NEHHDC)য়ে শিল্পীসকলক সম্ভাৱ্য বজাৰ আৰু গ্ৰাহকৰ সৈতে সংযোগ স্থাপন, হস্তশিল্প আৰু গ্ৰাহকৰ বাবে সাংস্কৃতিক মূল্য সংযোজনৰ বাবে অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক সুযোগ প্ৰদান কৰি অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ থলুৱা শিল্পকলাৰ বিকাশ আৰু প্ৰচাৰৰ বাবে চেষ্টা চলাই আহিছে।

কেন্দ্রীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্হ এই নিগমে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ শিল্পী সকলক বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়োৱাৰ লগতে প্ৰদৰ্শনী, বাণিজ্য মেলা আয়োজনৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সামগ্ৰীৰ প্ৰচাৰ কৰি আহিছে।
উত্তৰ -পূৱৰ ৰাজ্য সমূহৰ হস্তশিল্পী তথা বৈচিত্রময় তাঁত শিল্পৰ সৈতে জড়িত শিল্পী -কাৰুকৰ সকলৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি অহা নিগমৰ কৰ্মশালাত থকা অত্যাধুনিক তাঁতশালকে ধৰি হস্ততাঁতৰ নানা আনুসংগিক যন্ত্ৰ তথা সঁজুলি সমূহো মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী বড়াই নিগমৰ বিষয়া সকলৰ পৰা ইয়াৰ আঁচনি, কৰ্ম পদ্ধতি, প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত বুজ লোৱাৰ লগতে অসমৰ যুৱক -যুৱতী সকলে কেনেদৰে ইয়াৰ পৰা সুবিধা সমূহ আহৰণ কৰি এই দিশত লাভৱান্বিত হ’ব পাৰে এই বিষয়েও বিষয়া সকলৰ পৰা বুজ লয়।

Leave A Reply

Your email address will not be published.