ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ মাই ভাৰত – নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা পূৰ্ব প্ৰধানমন্ত্ৰী পদ্মবিভূষণ বিজয়ী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী আৰু সু-শাসন দিৱসৰ অংশ হিচাপে মৰিগাঁও জিলাৰ নেহেৰু যুৱ কেন্দ্ৰই দমাল বেতনি মানৱ কল্যাণ এন জি অৰ সহযোগিতা বেতনি জোনাকী যুৱক সংঘৰ কাৰ্যালয়ত পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ তম জন্মদিৱসৰ লগত সংগতি ৰাখি ‘সু-শাসন দিৱস ‘ উদযাপন কৰা হয়। বিশিষ্ট সমাজসেৱক প্ৰদীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত বাজপেয়ীদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে বিজয়লক্ষ্মী সংঘৰ প্ৰাক্তন সম্পাদক গণেশ ৰাজকুমাৰে । নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনৰ লগতে পূৰ্ব প্ৰধানমন্ত্ৰী গৰাকীৰ সু-শাসনৰ বহুকেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি উপস্থিত সকলোকে আপ্লুত কৰে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন বৰদলৈয়ে মনোগ্ৰাহী বক্তৃতাৰে বাজপেয়ীদেৱৰ শাসন কালত দেশৰ উন্নয়নৰ আঁচনি আৰু বিশ্ব দৰবাৰত ভাৰতবৰ্ষক আগবঢ়ায় লৈ যোৱাৰ দিশৰ কথা বিশ্লেষণ কৰে । দমাল বেতনি মানৱ কল্যাণ এন জি অৰ সম্পাদক তুতু ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমাজ সংগঠক শিৱকান্ত ডেকা, বেতনি জোনাকী যুৱক সংঘৰ সভাপতি শৰৎ ডেকা আৰু প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সহকাৰী প্ৰধান সম্পাদক পাৰ্থ প্ৰতিম গৌতম উপস্থিত থাকে ।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা