মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা জুলাই মাহৰ পৰা যান – বাহনৰ গৰাকী সকলক পৰিবহণ কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ৰেহাই আঁচনি ঘোষণা কৰিছিল । সেই আঁচনি সমুহৰ সুফল সমুহ যাতে বাহনৰ গৰাকী সকলে লৈ উপকৃত হব পাৰে তাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলা পৰিবহণ বিষয়া সকলক নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা নিউ গুৱাহাটী বি জি যাৰ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ডেৰ শতাধিক বাহনৰ গৰাকী, চালক আৰু বাহনৰ ব্যৱসায়ৰ লগত জড়িত লোক উপস্থিত থাকে। সভাত কামৰূপ মহানগৰ। জিলাৰ প্ৰৱৰ্তক শাখাৰ জিলা পৰিবহণ বিষয়া আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব হিমাংশু কুমাৰ দাসে সমল ব্যক্তি হিচাপে ভাগ লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চাৰিখন এককালিন ৰেহাই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে। জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে বাহনৰ গৰাকী সকলক এই এককালিন ৰেহাই আঁচনি ক্ৰমে – বাহনৰ মেনুৱেল নথিপত্ৰ সমুহ আপডেট কৰি ডিজিটাইজ কৰা, ১৫ অক্টোবৰৰ ভিতৰত বাহনৰ সক্ষমতাৰ প্ৰমাণ পত্ৰৰ ৰেহাই কৰ আদায় দিয়া, ২০২২ বৰ্ষৰ ১৮ জুলাইৰ আগতে বিভাগক অৱগত নকৰাকৈ স্ক্রেপ কৰা বাহনৰ ৰেহাই কৰ পৰিশোধ কৰা , অসম বাহন স্ক্ৰেপেজ নীতি – ২০২২ আদি সুন্দৰকৈ বাখ্যা দাঙি ধৰে। সভাত যান – বাহন পৰিদৰ্শকদ্বয় জয়সিং ৰংফাৰ আৰু কানাই মহন্ত, প্ৰৱৰ্তক পৰিদৰ্শক মোজ্জামিল হুছেইন, পি বি লামা, বি উপাধ্যায় উপস্থিত থাকে। সভাত বাহনৰ কেবাগৰাকী প্ৰতিনিধিয়েও তেওঁলোকে ভোগ কৰি অহা সমস্যা সমুহ পৰিবহণ বিভাগৰ বিষয়া সকলক অৱগত কৰে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে যিসকল বাহনৰ গৰাকীযে এই আঁচনি সমুহৰ সুফল লাভ কৰিব পৰা নাই তেঁওলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই সভাৰ আয়োজন কৰা হৈছিল।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান