পাণ্ডুত নিচামুক্ত অসম অভিযান কাৰ্যসূচী আৰু সজাগতা সভা

0 54

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোনক বাস্তৱত পৰিণত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ যুৱক ইন্দ্ৰজিৎ সিংহাই স্বেচ্ছাসেৱক হিচাপে এক অনন্য উদ্যোগ হাতত লৈছে। তেওঁ পাণ্ডু মালিগাঁওকে ধৰি বিভিন্ন এলেকাত ড্ৰাগছ আৰু মদ্যপানৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নিচামুক্ত অসম অভিযান শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা অনুস্থিত কৰি আহিছে। দুই মাৰ্চৰ সন্ধিয়াও মহানগৰীৰ পাণ্ডু কেবিন তিনিআলিত কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত তথা ৭ নং ৱাৰ্ড পাৰিষদ কাৰ্য্যালয়ৰ সহযোগত
নিচামুক্ত অসম অভিযান শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত অনুকুল, মালাকৰ, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী, জালুকবাৰী থানাৰ নাগৰিক কমিটীৰ অধ্যক্ষ দ্বিজেন লহকৰ বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি পিয়াল শংকৰ দে , ৭ নং ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আৰম্ভণিতে আদৰণি ভাষণত ইন্দ্ৰজিৎ সিংহাই কয়, যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছমুক্ত অসমৰ স্বপ্নক সফল কৰাৰ বাবে মই মোৰ ক্ষুদ্ৰ অৱদান আগবঢ়াইছোঁ। ড্ৰাগছ আৰু মদ্যপানে আমাৰ যুৱসমাজক ধ্বংস কৰি থকা এয়া আমাৰ সকলোৰে দায়িত্ব যে আমি এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিও।সভাত উপস্থিত সকলোৱে ড্ৰাগছৰ ভয়াবহতাৰ বাখ্যা কৰি ইয়াৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে ইন্দ্ৰজিৎ সিংহাই বিগত কেইবামাহত স্থানীয় স্কুল, কলেজ আৰু সমাজৰ বিভিন্ন স্তৰত ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে সজাগতা মুলক কাৰ্যসূচী অনুষ্ঠিত কৰি অহা পদক্ষেপক সকলোৱে প্ৰশংসা কৰে ।

Leave A Reply

Your email address will not be published.