পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

0 60

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড (জিইউচিএল), স্বচ্চ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ তেওঁলোকৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

আজিৰ বৈঠকত আলোচিত এক গুৰুত্বপূৰ্ণ বিষয় আছিল পৌৰ প্ৰশাসনৰ সংস্কাৰ সন্দৰ্ভত গঠিত এজনীয়া সমিতিৰ প্ৰতিবেদন আৰু পৌৰ সংশোধনী আইন, ২০২৪ৰ খচৰা নিয়মাৱলী প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা। বৈঠকত জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ষ্ট্ৰীট লাইট স্থাপন আৰু নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত অনুমোদিত উদ্যানসমূহ সন্দৰ্ভত জিইউচিএল আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখাৰ সৈতে আলোচনা কৰা হয়। আনহাতে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে হোৱা বৈঠকত মহানগৰীৰ অকৰ্তৃত্বশীল নিৰ্মাণকাৰ্যসমূহৰ এককালীন নিয়মীয়াকৰণৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰা হয়। স্বচ্চ ভাৰত মিছন (নগৰীয়া)ৰ অধীনত ৰূপায়িত গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু ব্যৱহৃত পানী ব্যৱস্থাপনাৰ কাম-কাজৰ স্থিতিৰ লগতে গুৱাহাটী পৌৰ অধীনত ৰূপায়িত স্বচ্ছ ভাৰত মিছনৰ কামৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। কামাখ্যাক প্লাষ্টিকমুক্ত অঞ্চল হিচাপে গঢ়ি তোলা সন্দৰ্ভতো আজিৰ বৈঠকত আলোকপাত কৰা হয়।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত আজি মূলতঃ নিগমৰ অধীনত নিৰ্মাণাধীন বজাৰগৃহ, চাফাই কৰ্মচাৰীৰ আৱাসগৃহ, স্বচ্ছ সৰ্বেক্ষণ আৰু আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাপনা, বৰাগাঁৱৰ আৱৰ্জনা পৰিশোধন প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ স্থিতিৰ লগতে পৌৰ নিগমৰ অধীনত ৰূপায়িত অন্যান্য কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। চলিত বছৰৰ ভিতৰতে পৌৰ নিগমৰ অধীনত নিৰ্মাণকাৰ্য চলি থকা হেঙেৰাবাৰী, গণেশগুৰি, উলুবাৰী আৰু বেলতলাৰ বহুমহলীয়া বজাৰগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক আবণ্টন দিয়াৰ পদক্ষেপ লবলৈ মন্ত্ৰী সিংহলে নিগমৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে মহানগৰীৰ পৰা দৈনিক সংগৃহীত বৃহৎ পৰিমাণৰ আৱৰ্জনা পেলোৱাৰ বাবে উপযুক্ত ভূমি সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক লৈ এখন সমিতি গঠনৰ বাবে তেওঁ বিভাগক নিৰ্দেশ দিয়ে।

শিলসাঁকো বিলৰ খনন আৰু মহানগৰীত সৰু সৰু উদ্যান নিৰ্মাণৰ বিষয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সৈতে হোৱা এক বৈঠকত আজি প্ৰধানকৈ আলোচনা কৰা হয়। বৈঠকত প্ৰাধিকৰণৰ অধীনত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়।

আজিৰ বৈঠকসমূহত গুৱাহাটী পৌৰ নিমগৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰৰাম খাউণ্ড, গুৱাহাটী পৌৰ নিমগৰ আয়ুক্ত মেঘনিধি দাহাল আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অনবামুথন এম পিৰ লগতে জিইউচিএল, স্বচ্চ ভাৰত মিছন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.