বজাৰত নতুনকৈ উপলব্ধ হৈছে ইনষ্টেণ্ট টী কাপ।পলকতে চাহৰ সোৱাদ জুতি ল’ব পৰা এই ইনষ্টেণ্ট ট্ৰি কাপ উৎপাদন কৰিছে এগৰাকী অসমীয়া যুৱ উদ্যমী ৰাহুল দত্তই ।তেখেতে গামোচা নামৰ চাহ বেণ্ডৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইলৈ গামোচা চাহ যোগান ধৰিছে।গামোচা চাহ প্ৰতি কাপৰ মূল্য ৫ ৰ পৰা ১০টকা পৰ্য্যন্ত ।উল্লেখযোগ্য যে গামোচা চাহত গৰম পানী দিয়াৰ লগে লগে খোৱাৰ উপযোগী হৈ উঠে ।এই ব্যতিক্ৰম ধৰণৰ চাহবিধৰ চিন্তা কিদৰে মনলৈ আহিল জানিব বিচৰাত ৰাহুল দত্তই এনেদৰে কয় -সাধাৰণতে আজিকালি মানুহে কফি খাই ভালপায়।কাৰণ কফি প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াটো অতি সহজ ।কিন্তু কফি খোৱাৰ পিছত মানুহৰ গাটো গধুৰ গধুৰ লাগে।অসমৰ চাহক বাণিজ্য মুখী কৰাৰ বাবে এই ধাৰণাটো মনলৈ আহে ।বৰ্তমান মছলা চাহ, নেমুৰ সোৱাদযুক্ত চাহ বজাৰ সমূহত যোগান ধৰি আছো।স্বদেশ স্বজাতিৰ প্ৰতি থকা তাড়নাৰ বাবে এই চাহৰ নাম গামোচা চাহ ৰাখো।এই মন্তব্য যুৱ উদ্যমী ৰাহুল দত্তৰ।স্মতব্য যে এই ব্যতিক্ৰম ধৰণৰ চাহ বিধৰ জৰিয়তে পলকতে চাহ জুতি ল’ব পাৰিব ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত