দেশৰ ৭৩ তম স্বাধীনতা দিৱসত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগই বিশেষ ভাৱে তাৎপৰ্য বহন কৰিছে। কাশ্মীৰ আজিৰ দিনৰ সৰ্বাধিক চৰ্চিত বিষয়। বৃটিছ মুক্ত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এক ভাৰত, এক সংবিধানৰ ভিত্তিত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বাবে মোডী চৰকাৰে লোৱা ঐতিহাসিক তথা সাহসিক সিদ্ধান্তৰ পৰিণতিতে আজি জম্মু-কাশ্মীৰ আৰু লাডাখতো উৰিল দেশৰ স্বভিমানৰ প্ৰতীক তিনি বৰণীয়া জাতীয় পতাকা।জম্মু-কাশ্মীৰ বা লাডাখৰ বাবে ধাৰা ৩৭০ প্ৰত্যাহাৰে কেনে ধৰণৰ স্থায়ী প্ৰভাৱ পেলাই তাৰ পূৰ্বানুমান সম্ভৱ নহয়। কিন্তু এইটো ঠিক যে মোডী চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তই সমগ্ৰ দেশতে ৭৩ তম স্বাধীনতা দিৱসকলৈ বোৱালে এক নতুন উৎসাহৰ জোৱাৰ।অসমো আগবাঢ়িছে এক সন্ধিক্ষণৰ মাজেৰে। এফালে এন আৰ চিক লৈ চিন্তা-দু:শ্চিন্তা। আনফালে মোডী চৰকাৰৰ তীব্র আগ্ৰাসী মনোভাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। ভৱিষ্যত অসমৰ আৰ্থ- সামাজিক, ৰাজনৈতিক সকলো দিশত সু-স্পষ্ট, প্ৰত্যক্ষ প্ৰভাৱ পেলাবলগীয়া এই দুয়োটা বিষয়ে স্বাধীনতা দিৱসক লৈ অসমবাসীৰ আনন্দক কিছুপৰিমাণে হ’লেও প্ৰভাৱিত কৰিছে।কিন্তু দ্বিমত নাই যে ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ এই মহান দিনটোত ভাৰতীয় হিচাপে আমি সকলোৱে গৌৰৱান্বিত। এক ভাৰতৰ বুনিয়াদ গঠন হৈ আছে। হয়, কিছুমান চক্ৰই প্ৰৰোচিত কৰি আছে এই বুনিয়াদ যাতে দৃঢ় নহয় সেইয়া নিশ্চিত কৰাৰ বাবে। কিন্তু, এইটোও নিশ্চিত ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ ভেটি সূদৃঢ়। কোনো অপশক্তিয়েই এই মহান দেশখনৰ এই দেশৰ নাগৰিকৰ মজবুত ইচ্ছাশক্তি তথা স্বভিমানক আঘাত কৰিব নোৱাৰে। এনে অপশক্তিৰ দৌৰাত্ম পূৰ্বতেও আছিল ভৱিষ্যতেও থাকিব। আৰু তাৰ মাজত, বিশ্বৰ মানচিত্ৰত এক শক্তিশালী অংগ ৰাষ্ট্ৰ হৈ উজলি থাকিব এই ভাৰত দেশ। এন ই ফ’কাচ ডট কমৰ প্ৰত্যেকজন শুভাকাংক্ষীৰ লগতে সমগ্ৰ দেশবাসীক যাঁচিছো স্বাধীনতা দিৱসৰ অলেখ শুভকামনা। জয় হিন্দ।

আগন্তুক বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ অন্তৰ্ভুক্ত সেৱা প্ৰদান কৰিব টেলিবুৱে
পাঁচ ৰাজ্য ক্ৰমে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰথম যোগাযোগ কোম্পানী টেলিবুৱে ৰাজনৈতিক দলসমূক আভ্যন্তৰীণ আৰু বাহ্যিক যোগাযোগ উন্নত কৰাৰ বাবে সঠিক সেৱা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে বিশেষ মানৰ যোগাযোগ সেৱা তৈয়াৰ কৰি উলিয়াইছে। যাৰ জৰিয়তে নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীসকলক ভালকৈ কেনভাছ কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলে আঞ্চলিক ভাষাতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে লগতে আঞ্চলিক ভাষাতে টেক্স আৰু ভইচ বাৰ্তা প্ৰদান কৰিব পাৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে সুশাসনৰ বিষয়ে অৱগত কৰিব পাৰিব। ইয়াৰ উপৰি ৰাজনৈতিক দলসমূহে জৰীপ প্ৰণালীৰ জৰিয়তে প্ৰতিটো সমষ্টিত সঠিক প্ৰাৰ্থী বাছনি কৰিব পাৰিব। লগতে প্ৰাক নিৰ্বাচনী সমীক্ষা উলিয়াব পাৰিব। ভোটাৰ অনুসৰি প্ৰচাৰ অভিযান চলোৱাৰ সুবিধা লাভ কৰিব।
বিভিন্ন ৰাজনৈতিক দলৰ ব্যৱহাৰ যোগ্য টেলিবুৰ বিস্তৃত সামগ্ৰী পৰ্টফোলিঅ’ৰ ভিতৰত আছে
অডিঅ’ কনফাৰেন্সিং এপ’ গ্ৰপটক (Grptalk) , ভিডিঅ’ কনফাৰেন্সিং এপ’ টেলেবুজেন (TelebuJen), কনটেক্ট চেণ্টাৰ ছফ্টৱেৰ টেলেবুহাব। ইয়াৰ উপৰিও আছে টেলেবুপিং (TelebuPing), যিটো এটা সুৰক্ষিত এণ্ড-ৰ পৰা-এণ্ড এনক্ৰিপ্ট কৰা গোট মেচেঞ্জাৰ। ইয়াৰ উপৰি আছে আন বহু সেৱা।
টেলিবুৱেৰ চিইঅ’ সত্য য়েৰমচেট্টিয়ে তেওঁলোকৰ সেৱা সামগ্ৰী আৰু ভৱিষ্যত সম্পৰ্কে কয় যে বৰ্ধিত প্ৰয়োজনীয়াতা পূৰণৰ কৰিবলৈ আমাৰ সামগ্ৰী, বৈশিষ্ট আৰু সেৱা বিকশিত কৰি আছোঁ। যি সেৱাই ৰাজনৈতিক দল, চৰকাৰী সংস্থাৰ প্ৰয়োজনীয়তা আৰু নিৰ্বাচনী প্ৰচাৰৰ গতিশীলতা সলনি কৰিব।ইয়াৰ আগতে অনুষ্ঠিত হৈ যোৱা তেলেংগানা আৰু বিহাৰ নিৰ্বাচনত আমাৰ সেৱাবোৰ সফলতাৰে ব্যৱহাৰ কৰা হৈছে আৰু আমি এতিয়া ব্যৱসায়ৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ অসম আৰু অন্যান্য ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনলৈ আমাৰ সেৱা আগবঢ়াম। আমি বিশিষ্ট ৰাজনৈতিক নেতা, ৰাজনীতি বিদসকলৰ সৈতে কাম কৰি আছো আৰু ১০+ তকৈও অধিক ৰাজ্যত সঠিক ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ।
টেলিবুৰ কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী আছে, যাৰ দ্বাৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত গ্ৰপটক (Grptalk)সেৱাৰ জৰিয়তে ৩০ চেকেণ্ডৰ এটা কলৰে ৩-১০,০০০তকৈ লোকৰ সৈতে সংযোগ সাধন কৰিব পাৰিব। ভাৰতৰ আটাইতকৈ উৎকৃষ্ট অডিঅ’ প্লেটফর্ম গ্ৰপটক। যাৰ ব্যৱহাৰ ১০০ নিযুত মিনিটত ১নিযুতকৈ অধিক সন্মিলন কৰা হৈছে। গ্ৰপটকে ৰাজনৈতিক দলসমূহক নিৰ্বাচনী অভিযানত বিশেষভাবে সহায় কৰে। এপ্প বা ইণ্টাৰনেটৰ অবিহনে কনফাৰেন্স, ভাৰ্চুৱেল ৰিচেপটনিষ্ট (virtual receptionist), ভোটাৰৰ মাজত প্ৰচাৰ চলাব পাৰে। লগতে ভোটাৰৰ পৰা মতামত আৰু তেওঁলোকৰ ওপৰত জৰীপো চলাব পাৰে।
টেলেবুজেন (TelebuJen)- এটা ভিডিঅ’ কনফাৰেন্সিং আৰু ৱেবিনাৰ প্লেটফৰ্ম, যি বিভিন্ন পক্ষক ভিডিঅ’ মিটিং হষ্ট কৰাত সহায় কৰে।য’ত ১০০জন অংশগ্ৰহণ কৰিব পাৰে, ৩০০+ লৈকে অংশগ্ৰহণকাৰীৰ সৈতে লাইভ ৱেবিনাৰ আয়োজন কৰিব পাৰে। লগতে এইসমূহ YouTubeৰ দ্বাৰা প্ৰচাৰ কৰিব চলাব পৰা যায়।
টেলেবুজেনৰ নিম্ন বেণ্ডউইথ সংযোগ
সুবিধাটোৱে দেশৰ দূৰৱৰ্তী কোণৰ পৰা সভা আয়োজন কৰাত সহায় কৰে।
টেলেবুহাব (TelebuHub)ক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।টেলেবুহাব হৈছে এটা ইনবিল্ট চিআৰএম,সামাজিক একত্ৰীকৰণ, টিকেটিং আৰু এটা জ্ঞানৰ ব্যৱস্থাপনা প্ৰণালী ছফ্টৱেৰ। ইয়াৰ দ্বাৰা ৰাজনৈতিক দলসমূহে ৩০মিনিতকৈ কম সময়ৰ ভিতৰত যিকোনো স্থানৰ পৰা এটা কল চেণ্টাৰ স্থাপন কৰাত সহায় কৰে।
ভিউৱাছৰ মতামত