আজি কলকাতাৰ ৰাচেল ষ্ট্ৰীট স্থিত অসম হাউছ চৌহদত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা সা প্ৰশাসন আৰু গড়কাপ্তানী বিভাগৰ সহযোগত নিৰ্মিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এই উপলক্ষ্যে আয়োজিতএক সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ মাজত থকা কলা সংস্কৃতি আৰু ভাষা সাহিত্যৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব । প্ৰতিমূৰ্তিটো যাতে সকলো সময়তে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকে ,তাৰ পদক্ষেপ ল’বলৈ অসম ভৱনৰ কৰ্তৃপক্ষই নিৰ্দেশ দিয়ে। আনহাতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই জীৱন যোৰা সাধনাৰে অসমীয়া ভাষা-সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। শেহতীয়া অসমৰ নতুন চামে সাহিত্যৰথীগৰাকীয়ে আগবঢ়োৱা এই অৱদানৰ বিষয়ে অৱগত হৈ বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰাটো জাতিটোৰ বাবে শুভ লক্ষণ বুলিও মন্ত্ৰীগৰাকীয়ে কয়। সাহিত্যৰথী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে অসমীয়া ভাষা-সাহিত্যৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে বুলিও ভাষণত উল্লেখ কৰে। লগতে মন্ত্ৰী গৰাকীয়ে ৰাচেল ষ্ট্ৰীটস্থিত বৰ্তমানৰ পুৰণি অসম ভৱনটো ভাঙি ১১ মহলীয়া এক অত্যাধুনিক অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰি আছে বুলিও কয়। এই অসম ভৱনটোত অধুনিক প্ৰেক্ষাগৃহ ইত্যাদিৰ সুবিধা উপলব্ধ হ’ব বুলি কয়।সভাত লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষ, আয়ুক্ত এম অংগমথুকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত