আমেৰিকাৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হ’ল অৰণ্য মানৱৰ বিষয়ে

অসমবাসীৰ বাবে সুখবৰ।অসম গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েঙৰ কৰ্মৰাজি সন্নিবিষ্ট হ’ল আমেৰিকা বিদ্যালয়ৰ পাঠ্যক্ৰমত।উল্লেখযোগ্য যে আমেৰিকা বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

 

 

 

অৰণ্য মানৱ গৰাকী এই স্বীকৃতিকলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়- অৰণ্য মানৱ যাদৱ পায়েঙদেৱৰ পৰিৱেশ সচেতনতা আৰু প্ৰকৃতিৰ সৈতে থকা আত্মীয়তাই কেৱল আমাৰ দেশৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনগণক উদ্বুদ্ধ কৰিছে। সুদূৰ আমেৰিকাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত তেখেতৰ বিষয়ে অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰতিফলিত কৰিছে- বিশ্বজুৰি থকা তেখেতৰ সুনামৰ কথা।

 

পায়েঙৰ এই স্বীকৃতিত অসমবাসী গৌৰৱান্বিত। তেখেতৰ কৰ্মচেতনাৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে পৰিৱেশ তথা জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে একেলগে কাম কৰি যাব লাগিব।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হ’ল অসমৰ ‘ৰঙা চাউল’

আমেৰিকালৈ ৰপ্তানি কৰা হ’ল অসমৰ ৰঙা চাউল । ভাৰতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ চাউল ৰপ্তানিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিছে । পোন প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে অসমৰ ৰঙা চাউল অমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় ।

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত লো-সমৃদ্ধ ৰঙা চাউল খেতি কৰা হয়। চাউলৰ প্ৰকাৰক ‘বাও-ধান’ বুলি কোৱা হয়, যি হৈছে অসমীয়া খাদ্যৰ এক অবিচ্ছেদ্য অংশ।এই ৰঙা চাউল ৰপ্তানি কৰে এলটি ফুড নামৰ কোম্পানীটোৱে ।এই ৰঙা চাউল ৰপ্তানি কৰা অনুষ্ঠানটোত ফ্লেগ অফ অনুষ্ঠান অনুষ্ঠিত হয় হাৰিয়ানাত । হাৰিয়ানাৰ ছোনেপত কৃষি আৰু প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন (এপিডিএ) অধ্যক্ষ ড° এম আনগামুথুৱে এই ৰপ্তানি অনুষ্ঠানৰ মুকলি কৰে ।

ইপিনে ‘ৰঙা চাউল’ৰ ৰপ্তানি বৃদ্ধি হোৱাৰ লগে লগে, ই ব্ৰহ্মপুত্ৰ উপত্যাকাৰ কৃষক পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰিব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে মন্তব্য কৰে । বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ অধীনত অহা এপিডিএয়ে বিভিন্ন অংশীদাৰ সকলৰ সহযোগিতাৰ জৰিয়তে চাউল ৰপ্তানিৰ প্ৰচাৰ কৰি আহিছে।

কাম আৰম্ভ হৈছে KAZIRANGA DISCOVERY PARK ৰ

ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে। KAZIRANGA DISCOVERY PARK ৰ কাম আৰম্ভ হৈছে।এই প্ৰকল্পত তিনিটা গৃহ ডিজিটেল মাধ্যমত থাকিব ৩টা থীম। এই কথা জনালে CWRS ৰ বিষয়া ৰথীন বৰ্মনে।

ইয়াৰে প্ৰথমটো গৃহ থীম হৈছে অসমত হাতী ঐতিহ্য।বিভিন্ন মহাকাব্যত হাতী উপস্থাপন,হাতী বিচৰণ আৰু ব্যৱসায়ৰ সম্পৰ্কে তথ্য উপলব্ধ হ’ব প্ৰথমটো গৃহত।দ্বিতীয়টো গৃহত পোৱা যাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ বিৱৰণ।উদ্যান খনৰ বিভিন্ন বন্য প্ৰাণী তথ্য উপলদ্ধ হ’ব দ্বিতীয়টো গৃহত।আনহাতে তৃতীয়টো গৃহৰ বিষয়বস্তু হৈছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

পানবাৰীস্থিত এই কেন্দ্ৰটো স্বচকুৱে চাব বিচাৰে বহু পৰ্যটকে।কিন্তু পৰ্যটকৰ বাবে এই সুবিধা উপলব্ধ নহয়।সেয়ে পানবাৰী কেন্দ্ৰলৈ যোৱা পৰিৱৰ্তে KAZIRANGA DISCOVERY PARK ৰ পৰাই পৰ্যটকে এই কেন্দ্ৰটো চাব পাৰিব CCTV LIVE Visual ৰ জৰিয়তে।

অসম চৰকাৰৰ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটো কাম বৰ্তমান ১০ শতাংশই সম্পূৰ্ণ হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থকা সময়ছোৱাত KAZIRANGA DISCOVERY PARK দৰ্শন কৰি উপকৃত হ’ব পাৰে পৰ্যটক সকল।

আমাৰ ঘৰ বৃদ্ধাবাসত এন চি চি কেডেটৰ সমাজসেৱা

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটীস্থিত গ্ৰুপ কাৰ্যালয়ৰ অধীনৰ ৩০ আসাম কোম্পানীৰ উদ্যোগত আজি পাথৰকুৱাৰীস্থিত “‘আমাৰ ঘৰ ” বৃদ্ধাবাসত এক সমাজ সেৱা মূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ জে চি তালুকদাৰৰ তত্বাৱধানত আয়োজিত কাৰ্যসূচীত কেডেটৰ দলটোৱে বৃদ্ধাবাসৰ আবাসী সকলৰ সহায়ক হোৱাকৈ তাত চাহ আৰু কফি আদি প্ৰস্তুত কৰা টেবুল স্থাপন ,বিশুদ্ধ খোৱা পানীৰ বাবে একুৱা গাৰ্ড স্থাপন , ইলেক্ট্ৰিক কেটলি , ইলেকট্ৰিক কেটলী স্থাপন কৰি দিয়ে । কাৰ্যসূচীত ৩০ আসাম কোম্পানী এন চি চি ৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল পৱন কুমাৰ , বৃদ্ধাবাস পৰিচালনা কমিটিৰ অপৰাজিতা দত্ত , বিশ্ব দত্ত , যুগব্ৰত দত্ত , দিলীপ কুমাৰ দত্ত চৌধুৰী উপস্থিত থাকে ।

নাজিৰাত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক উপস্থিত

নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ আজি পুৱাই নাজিৰাত উপস্থিত হৈ জিলা নির্বাচন বিষয়া লখিমী দত্তকে প্ৰমুখ্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠন কৰা নির্বাচনী কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয়। তেওঁ বৈঠকত নিৰ্বাচনী কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয়, নিৰ্বাচনী আচৰণ বিধি, ফ্লাইং স্কোৱাড, ভি ভি টি, ভি এছ টি, এছ এছ টি, মিডিয়া চাৰ্টিফিকেচন আৰু মনিটৰিং কমিটীকে ধৰি অন্যান্য কোষ সমূহৰ দায়িত্বত থকা বিষয়া সকলৰ নিয়ম নীতি সমূহ পৰ্যবেক্ষক গৰাকীয়ে আলোচনা কৰে। এই সন্দৰ্ভত পৰ্যবেক্ষক গৰাকীয়ে নাজিৰাত কেনেকৈ নিকা অাৰু আউল নলগাকৈ সমাগত বিধান সভা নিৰ্বাচন সমাপন কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে আৰু নিৰ্বাচনী আয়োগে জাৰি কৰা ৰাজনৈতিক দল আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলে নিৰ্বাচনী কাম কাজত ব্যয় কৰা ধনৰ খৰচৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰ ৰাখিবলৈ বিষয়া সকলক আহ্বান জনায়। জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই এই পৰিপ্ৰেক্ষিতত কয় – ইতিমধ্যে সংশ্লিষ্ট বিষয়া সকলক নিজ নিজ কোষৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও নিৰ্বাচনী কাম কাজ নিয়াৰিকৈ তথা সুকলমে চলাই থকা হৈছে। নাজিৰা নিৰ্বাচনী জিলাৰ পৰা এইবাৰ ৫ টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৫টা আদৰ্শ মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ স্থাপন কৰাৰ প্ৰস্তুতি চলিছে। চূড়ান্ত ভোটাৰ তালিকাত থকা ভোটাৰৰ সংখ্যা হৈছে ১,৩১,০৭৭, ইয়াৰে ৬৬০৩৭ পুৰুষ আৰু ৬৫০৪০ মহিলা ভোটাৰ। ইয়াৰ উপৰিও জিলা নিৰ্বাচনী বিষয়া লখিমী দত্তই এইবাৰৰ নিৰ্বাচনৰ প্ৰতীক- পট খাৰুৱা কাই আৰু ক’ৰনা বাইৰ কথা বৰ্ণনা কৰি বিভিন্ন সজাগতামূলক পদক্ষেপ সমূহৰ বিষয়ে পৰ্যবেক্ষক গৰাকীক অৱগত কৰে। সভাত জিলা নিৰ্বাচন বিষয়া লখিমী দত্তকে ধৰি মহকুমাৰ আৰক্ষী বিষয়া, সহকাৰী আয়ুক্ত বিষয়া, কৰ বিভাগৰ বিষয়াৰ উপৰিও তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া উপস্থিত থাকে । অৱশেষত লখিমী দত্তই এইবাৰ নিৰ্বাচনত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

খবৰ যুগুতালে নাজিৰাৰ পৰা দিলিপ শইকীয়াই..

১ এপ্ৰিলৰ পৰা আৰম্ভ হ`ব ভাৰতীয় সেনাৰ বিশেষ মোবাইল মেছেজিং এপ SAI

আত্মনিৰ্ভৰ ভাৰতৰ অংশস্বৰূপে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে এটা নতুন মেছেজিং এপ ডেভলপ কৰিছে।এই বিশেষ এপটোৰ নাম secure application for the Internet চমুকৈ SAI নাম দিয়া হৈছে।এই মেছেজিং এপটোৱে টেলিগ্ৰাম,হুৱাট আপ, SAMVAD ৰ দৰে কাম কৰিব।

প্ৰাপ্ত খবৰ অনুসৰি অহা এপ্ৰিল মাহৰ পৰা SAI মেছেজিং এপৰ সেৱা আৰম্ভ হ’ব।উল্লেখযোগ্য যে নিৰাপত্তা আৰু গোপনীয়তাৰ স্বাৰ্থত এপটোত IOS প্ৰযুক্তি সংলগ্ন কৰা হৈছে।ইয়াৰ উপৰিও SAI ত অন্তৰ্ভূক্ত হৈছে End-to-end voice, Text আৰু ভিডিঅ’ কলিং পৰিসেৱা।ইয়াৰোপৰি নিৰাপত্তা আৰু গোপনীয়তাৰ স্বাৰ্থত এই এপৰ গুৰুত্ব আন এপ সমূহতকৈ বেছি। সেয়েহে কেৱল ভাৰতীয় সেনাৰ জোৱান সকলৰ মোবাইল ফোনতহে এই এপ কাৰ্যক্ষম হ’ব।

মহাকাশত নির্মাণ হ’ব প্রথমখন বিলাসী হোটেল

বিশ্বৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যথেষ্ট প্ৰসাৰিত হৈছে।ইয়াৰ অংশস্বৰূপে অন্তৰীক্ষত হোটেল নিৰ্মাণৰ পূৰ্ব প্ৰণালী প্ৰস্তুত হৈছে।এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জৰিত হৈ আছে orbital assembly corporation নামৰ কোম্পানীটো।জানিব পৰা মতে এই হোটেলত থাকিব চিনেমা হল,জিম,লাইব্ৰেৰী, কনচাৰ্চ হলৰ সুবিধা।হোটেল খনৰ নাম হ’ব ভয়েজাৰ ষ্টেচন। মনকৰিবলগীয়া কথা এয়ে যে ভয়েজাৰ ষ্টেচনত থাকি পৰ্যটক আৰু গৱেষকে আমি বাস গ্ৰহৰ অতুলনীয় দৃশ্যপট প্ৰত্যক্ষ কৰিব পাৰিব।অৱশ্যে এই সকলো খিনি প্ৰত্যক্ষ কৰিবলৈ ২০২৭ চনলৈ অপেক্ষা কৰিব লাগিব।