ইণ্ডিয়া বুক অফ ৰেকৰ্ডত উজ্বলিল টীয়ক এজন নৱম শ্ৰেণীৰ ছাত্ৰ। এক মিনিটত ২৬৯ টা বক্সিং পাঞ্চেৰে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান খৈলুৱৈ পদ্মনাভ বনিয়াই। টীয়কৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ পদ্মনাভে নিজৰ শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জৰিয়তে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে।বিশেষকৈ লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহৃত সামগ্ৰীৰে নিজে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তত কৰি নিয়মীয়াকৈ ব্যায়ামৰ চৰ্চা কৰি আহিছিল। পদ্মনাভৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে টীয়কৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন, অনুষ্ঠান তথা ৰাইজ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সম্বৰ্দ্ধনা জনোৱাৰ লগতে অনাগত দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।খেলুৱৈ গৰাকীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়াৰ অনুসৰি আগন্তুক দিনত আৰু অধিক অনুশীলন কৰি এছিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ মনত আশা পুহি ৰাখিছে।

পুৰণিগুদামৰ বিহু তলিত অ ৪ ব`হাগৰ দিনটোক ‘গছ বিহু’ হিচাপে পালনৰ আহ্বান অৰণ্য মানৱৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰঙালীৰ উখল মাখল পৰিৱেশ। নগাঁও পুৰণিগুদামত ‘নাট্যম গোষ্ঠী’য়ে অনুষ্ঠিত কৰিছে বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ । অলপতে নাট্যম গোষ্ঠীয়ে অনুষ্ঠিত কৰা মুকলি বিহু চাবলৈ পাৰঘাটৰ বিহু তলিত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং।
উল্লেখযোগ্য যে তেখেতে পুৰণিগুদামৰ বিহু তলিত উপস্থিত হৈ ৪ ব’হাগৰ দিনটো পৰম্পৰাগত ভাৱে গছ বিহু হিচাপে পালন কৰিবলৈ নগাঁওবাসীক আহ্বান জনায়।গছৰ তলত বিহু পাতিলে নাচিবলৈ নজনা গছজোপায়েও হাঁহিব পাৰে বুলি তেখেতে মন্তব্য কৰে।
অৰণ্য মানৱ যাদৱ পায়েঙক এখনি গামোচা, এখন চেলেং চাদৰ আৰু এখন ফলকৰ জৰিয়তে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি প্ৰকৃতি তথা মানুহৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ অৰ্থে কৰিবলগীয়া কৰ্ম সম্বন্ধেও পায়ঙে মন্তব্য কৰে।
ভিউৱাছৰ মতামত