২০১৯-২০২০ বৰ্ষৰ সময়ছোৱাত ভাৰত চৰকাৰৰ ৰাজ্যভাষা আঁচনিৰ সফল ৰূপায়ণৰ বাবে এন আৰ এলক তৃতীয় পুৰস্কাৰ চল বৈজয়ন্তী শ্বিল্ড বঁটা প্ৰদান কৰা হৈছে।ইয়াৰোপৰি একে বৰ্ষতে টাউন এণ্ড অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেচন কমিটি,(টলিক) পি এছ ইউ সদস্যসকলৰ দ্বাৰা প্ৰকাশিত হিন্দী ভাষাৰ আলোচনীসমূহৰ মাজৰ পৰা এন আৰ এলৰ হিন্দী আলোচনী প্ৰয়াসে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।অলপতে আই অ’ চি এল গুৱাহাটী শোধনাগাৰত অনুষ্ঠিত টলিকৰ ৫৪ তম সভাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধি বদ্ৰী যাদৱ,গৱেষণা বিষয়া তথা ৰাজভাষা বিভাগৰ আঞ্চলিক ৰূপায়ণ কাৰ্যালয়ৰ মুৰব্বী কমলেশ বাজাজ,হিন্দী শিক্ষাদান যোজনা আৰু সহকাৰী পৰিচালক ৰাধেশ্যাম বাইৰবাৰ উপস্থিতিত নুমলীগড় শোধনাগাৰ লিমিটেডৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰৱন্ধক দেৱাশীষ চৌধুৰীৰ নেতৃত্বত হোৱা এন আৰ এলৰ প্ৰতিনিধি দলৰ হাতত টলিকৰ অধ্যক্ষ তথা আই অ’ চি এল গুৱাহাটী শোধনাগাৰৰ ই ডি এচ মানচন্দাই এই দুয়োটা বঁটা অৰ্পণ কৰে।উল্লেখ্য যে গুৱাহাটীৰ ৪৫ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি এই উদ্দেশ্যে গঠিত টলিকৰ এখন সমিতিয়ে এই বঁটাসমূহ প্ৰদানৰ সিদ্ধান্ত লৈছিল।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত