বৰ্তমান উঠি অহা নিবনুৱা যুৱক-যুৱতীয়ে কম সময়ত, কম ঠাইত আৰু কম খৰচত উন্নত জাতৰ ছাগলী পালন কৰি কিদৰে আত্মনিৰ্ভৰশীল বা আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , (কে.ভি.কে) কামৰূপ কৰ্তৃপক্ষই শেহতীয়াভাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কেন্দ্ৰৰ উদ্যোগত ৫ আৰু ৬ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ উন্নত জাতৰ ছাগলী পালনৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। ৫ ফেব্ৰুৱাৰীত কেন্দ্ৰ চৌহদত অনুষ্ঠিত শিবিৰত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচিত ২০ জন ছাগলী পালকে ভাগ লয়। আনহাতে শিবিৰত মূল সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্রৰ পশু চিকিৎসা বিভাগৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকা। ডঃ ইলাক্ষী ডেকাই বিজ্ঞানসন্মতভাবে কেনেকৈ কম সময়ত, কম ঠাইত, ঘৰুৱাভাৱে কম মানুহৰে, কম মূলধনত উন্নত আৰু ক্ৰছ জাতৰ ছাগলী পালনৰে আৰ্থিক ভাৱে লাভবান হ’ব পাৰি তাৰ বিতংকৈ প্ৰদৰ্শন কৰে। ৬ ফেব্ৰুৱাৰীত শিবিৰত ভাগ লোৱা ছাগলী পালক সকলৰ ক্ষেত্ৰ অধ্যয়নৰ অংশহিচাপে গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰলৈ প্ৰশিক্ষাৰ্থী সকলক লৈ যোৱা হয়। ডঃ ইলাক্ষী ডেকাৰ নেতৃত্বত যোৱা দলটোক তাত কেন্দ্রৰ মুখ্য বিজ্ঞানী ডঃ দীপক ভূঞা, প্ৰধান বিজ্ঞানী ডঃ বুলা দাস, কনিষ্ঠ বিজ্ঞানীদ্বয় ডঃ মাৰাডোনা নাথ আৰু ডঃ প্ৰাঞ্জল বৰাই প্ৰশিক্ষাৰ্থী সকলক নিৰোগী ভাবে ছাগলী পালনৰ কলা কৌশল, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা পদ্ধতি, মাংস উৎপাদন আদিৰ বিভিন্ন দিশ দাঙি ধৰে। আনহাতে শিবিৰত ভাগ লোৱা পশ্চিম গুৱাহাটীৰ ৰাণীৰ বিক্ৰমপুৰ অঞ্চলৰ উদীয়মান ছাগলী পালক জোন ৰাভাকে ধৰি কেবাজনো ছাগলী পালকে সদৰি কৰা অনুসৰি এই দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোক বহুখিনি উপকৃত হৈছে আৰু ইয়াত লাভ কৰা অভিজ্ঞতাই আগন্তুক দিনত আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান