বৰ্তমান উঠি অহা নিবনুৱা যুৱক-যুৱতীয়ে কম সময়ত, কম ঠাইত আৰু কম খৰচত উন্নত জাতৰ ছাগলী পালন কৰি কিদৰে আত্মনিৰ্ভৰশীল বা আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , (কে.ভি.কে) কামৰূপ কৰ্তৃপক্ষই শেহতীয়াভাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কেন্দ্ৰৰ উদ্যোগত ৫ আৰু ৬ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ উন্নত জাতৰ ছাগলী পালনৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। ৫ ফেব্ৰুৱাৰীত কেন্দ্ৰ চৌহদত অনুষ্ঠিত শিবিৰত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচিত ২০ জন ছাগলী পালকে ভাগ লয়। আনহাতে শিবিৰত মূল সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্রৰ পশু চিকিৎসা বিভাগৰ বিজ্ঞানী ডঃ ইলাক্ষী ডেকা। ডঃ ইলাক্ষী ডেকাই বিজ্ঞানসন্মতভাবে কেনেকৈ কম সময়ত, কম ঠাইত, ঘৰুৱাভাৱে কম মানুহৰে, কম মূলধনত উন্নত আৰু ক্ৰছ জাতৰ ছাগলী পালনৰে আৰ্থিক ভাৱে লাভবান হ’ব পাৰি তাৰ বিতংকৈ প্ৰদৰ্শন কৰে। ৬ ফেব্ৰুৱাৰীত শিবিৰত ভাগ লোৱা ছাগলী পালক সকলৰ ক্ষেত্ৰ অধ্যয়নৰ অংশহিচাপে গুৱাহাটীৰ কাষৰীয়া বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰলৈ প্ৰশিক্ষাৰ্থী সকলক লৈ যোৱা হয়। ডঃ ইলাক্ষী ডেকাৰ নেতৃত্বত যোৱা দলটোক তাত কেন্দ্রৰ মুখ্য বিজ্ঞানী ডঃ দীপক ভূঞা, প্ৰধান বিজ্ঞানী ডঃ বুলা দাস, কনিষ্ঠ বিজ্ঞানীদ্বয় ডঃ মাৰাডোনা নাথ আৰু ডঃ প্ৰাঞ্জল বৰাই প্ৰশিক্ষাৰ্থী সকলক নিৰোগী ভাবে ছাগলী পালনৰ কলা কৌশল, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা পদ্ধতি, মাংস উৎপাদন আদিৰ বিভিন্ন দিশ দাঙি ধৰে। আনহাতে শিবিৰত ভাগ লোৱা পশ্চিম গুৱাহাটীৰ ৰাণীৰ বিক্ৰমপুৰ অঞ্চলৰ উদীয়মান ছাগলী পালক জোন ৰাভাকে ধৰি কেবাজনো ছাগলী পালকে সদৰি কৰা অনুসৰি এই দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোক বহুখিনি উপকৃত হৈছে আৰু ইয়াত লাভ কৰা অভিজ্ঞতাই আগন্তুক দিনত আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী