চোৰাং চিকাৰ ৰোধৰ বাবে কাজিৰঙাৰ সুৰক্ষা কৰ্মীক ছেটেলাইট ফোন প্ৰদান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ দেশৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানত পৰিণত হয়। মুখ্য সচিব জিষ্ণু বৰুৱাই সুৰক্ষা কৰ্মীসকলৰ মাজত দহটাকৈ ছেটেলাইট ফোন বিতৰণ কৰে আৰু এই সেৱা ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে।
উল্লেখ্য যে এটা খৰ্গৰ গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলক ছেটেলাইট ফোন যোগান ধৰি অধিক সবল কৰি তোলাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ২৭ মে’ তাৰিখে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছিল য’ত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত, কাষৰীয়া জিলাসমূহৰ উপায়ুক্তসকলৰ লগতে শীৰ্ষস্থানীয় বন বিষয়াসকল উপস্থিত আছিল।চোৰাং চিকাৰ বিৰোধী পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই ছেটেলাইট ফোনসমূহ উদ্যানখনৰ মোবাইল বা ৱায়াৰলেছ সেৱা উপলব্ধ নথকা ছয়টা ৰেঞ্জত ব্যৱহাৰ কৰা হ’ব। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙাই এই প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাৰণ এই ধৰণৰ ফোনসমূহ সাধাৰণতে দেশৰ শীৰ্ষ সুৰক্ষা সংস্থাসমুহে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰে। সৰ্বসাধাৰণৰ বাবে এই ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ১০ টা ফোন ক্ৰয় কৰা হৈছে আৰু এই সেৱা বিএছএনএলৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব। উদ্যান কৰ্তৃপক্ষই এই সেৱাৰ মাহিলী খৰছ ব্যয় কৰিব।

ইতিমধ্যে বিএছএনএলৰ তৰফৰ পৰা মোবাইল সেৱা উপলব্ধ নোহোৱা স্থানত এই ফোন ব্যৱহাৰ কৰাৰ পদ্ধতি বিষয়ত বনকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে।।”উদ্যানৰ ভিতৰুৱা অঞ্চলত যোগাযোগৰ অসুবিধাসমূহ এতিয়া আঁ‌তৰ হ’ল,” এজন বন বিষয়াই মন্তব্য কৰে। পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই তৎকালীনভাৱে বনকৰ্মীক ছেটেলাইট ফোনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক উদ্যানৰ ভিতৰত যোগাযোগৰ সমস্যাৰ গুৰুত্ব বুজি অতি কম সময়ৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱস্থা কৰি দিয়া বাবে ধন্যবাদ জনাইছোঁ। এই ফোনসমূহে কৰ্মীসকলৰ মাজত সমন্বয় ৰক্ষা কৰাত সহায়ক হ’ব। বিশাল উদ্যানখনৰ পৰিচালনাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিব। এই ফোনৰ দ্বাৰা আমাৰ কৰ্মীসকল চোৰাং চিকাৰীতকৈ সদায় এটা খোজ আগত থাকিব আৰু বানপানীৰ নিচিনা জৰুৰীকালীন পৰিস্থিতিত কামত আহিব, শুক্লবৈদ্যই ব্যক্ত কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

মণিপুৰী আইৰন মেনে ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে খলকনিৰ

পেলনীয়া সামগ্ৰীৰে হলিউডৰ ছুপাৰ হিৰ’ আইৰন মেন তৈয়াৰ কৰি মণিপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।মণিপুৰৰ থৌবাল জিলাৰ ২১ বছৰীয়া নিংগোমবাম প্ৰেম নামৰ যুৱকজনে কাৰ্ডব’ৰ্ড আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘৰতে এটা আইৰন মেনৰ ৰবট সাঁজি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।ইউটিউবৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’ই ব্যাপক সমাদৰ লাভ কৰিছে।তেওঁৰ ভিডিঅ’টো Brut নামৰ সংবাদ গোষ্ঠীটোৱে শ্বেয়াৰ কৰাৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পিছতে ভিডিঅ’টোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।আনন্দ মহিন্দ্ৰাই টুইটাৰ যোগে যুৱকজনক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।আজৰি সময়ত নিজৰ মাক দেউতাকক পথৰ কাষত দিয়া খাদ্যৰ দোকানত সহায় কৰি দিয়া এই তৰুণ যুৱকজনে বৰ্তমান ইম্ফল আৰ্ট কলেজত চাৰুকলাৰ অধ্যয়ন কৰি আছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰ্চুৱেলী আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় বন্দৰ ,জাহাজ পৰিবহন আৰু জলপথ আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মিজোৰামৰ আইজলত অনুষ্ঠিত বাণিজ্য উৎসৱ,ভাৰতক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰে।ভাৰতৰ স্বাধীনতা ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে এই বাণিজ্য উৎসৱ অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰি সীমান্ত ৰাজ্য খনৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামৰ বিশাল প্ৰাকৃতিক সম্পদ, মনোৰম সৌন্দৰ্য আৰু কৌশলগত অৱস্থানে বিকাশৰ গতিক ত্বৰাম্বিত কৰাৰ থল আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত ৰাজ্য খনে নিশ্চিতভাৱে প্ৰগতি আৰু পৰিবৰ্তনৰ নতুন শিখৰত উপনীত হ’ব।বাণিজ্য উৎসৱ এই উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ড° আৰ লালথানগ্লিয়ানা,ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ প্ৰতিনিধি আৰু মিজোৰামৰ জ্যেষ্ঠ চৰকাৰী বিষয়া সকল উপস্থিত আছিল।

টীয়কত সামাজিক সংস্থা একাঁজলি সহায়ৰ মানৱ দৰদী কাৰ্যসূচী

এজন অসমীয়া যুৱক।নাম তেওঁৰ দিগন্ত বৰা।টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ এই যুৱকজন ছেগ্ৰিকালচাৰ ফাৰ্মত চিকিউৰিটি গাৰ্ডৰ চাকৰিত নিয়োজিত আছিল।কিন্তু বিধিৰ লিখন খণ্ডাব কোনে ? বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল দিগন্ত বৰাৰ ক্ষেত্ৰত।১০ বছৰমানৰ আগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁৰ এটা ভৰি প্ৰায় বিকল হোৱাৰ দৰে হ’ল। যুৱকজনৰ জীৱিকাৰ প্ৰধান সম্বল হিচাপে থকা চাকৰিটোও হেৰুৱাব লগা হয়। অনাকাংক্ষিত ঘটনাটোৰ বাবে দিগন্ত বৰাৰ আশাবোৰ যেন ধূলিস্যাৎ হৈ গ’ল। কিন্তু দিগন্ত বৰা ভাগৰি নপৰি জীৱন-জীৱিকাৰ তাড়নাত সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে।তেতিয়াৰে পৰা যুৱকজনে যোৱা দহ বছৰ ধৰি নাপিতৰ কাম কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

তেওঁ নিজৰ লগতে নিজৰ ঘৰখনৰো ভৰণ-পোষণৰ দায়িত্ব হাতত লৈছে। সোমবাৰে সামাজিক সংস্থা ‘একাঁজলি সহায়ে’ দিগন্ত বৰাক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দশ্যে এটা অত্যাধুনিক চুলি কটাৰ মেচিন প্ৰদান কৰে।দিগন্ত বৰাই নাপিতৰ কাম কৰি আত্মনিৰ্ভৰশীল হোৱাৰ যি স্বপ্ন দেখিছে তেওঁৰ এই যাত্ৰা সঁচাকৈ প্ৰশংসনীয়।দিগন্ত বৰাৰ দৰে অসমৰ যুৱসমাজ আগবাঢ়ি আহিলেহে অসমত কৰ্ম-আন্দোলন গঢ় লৈ উঠিব।নতুন অসমৰ স্বপ্নটোৱেও তেতিয়াহে সাকাৰ ৰূপ পাব।কৰ্মৰ জড়িয়তে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ যত্ন কৰিছে।এতিয়া কেৱল তেওঁক প্ৰয়োজন আপোনাৰ-মোৰ অলপমান আশীৰ্বাদ আৰু আৰ্থিক সহায়ৰ।দিগন্ত বৰালৈ থাকিল আমাৰ অলেখ অযুত শুভকামনা ।

আজি মনোনয়ন পত্ৰ দাখিল কৰিলে সর্বানন্দ সোণোৱালে

প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰে৷ অসম বিধানসভাৰ সচিব ৰাজ্যসভা নির্বাচনৰ ৰিটানিং বিষয়াৰ ওচৰত মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ লগতে বিজেপি মিত্রজোঁটৰ নেতৃবৃন্দ উপস্থিত থাকে৷উল্লেখ্য যে অহা ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বিৰোধী দল কংগ্রেছে এখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই আৰু প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত সোণোৱাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷

বিশিষ্ট চাহ উদ্যোগপতি কমল জালান নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ অধ্যক্ষ নিৰ্বাচিত

বিশিষ্ট চাহ উদ্যোগপতি তথা সমাজকৰ্মী কমল জালান নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ ২০২১ – ২৩ বৰ্ষৰ কাৰ্যকালৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। আজি নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ গোলাঘাটস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাৰ অন্তত কমল জালানক অধ্যক্ষ আৰু অজয় ধান্দাৰিয়াক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখ্য যে যোৰহাটস্থিত চাহ উদ্যোগপতি কমল জালান শ্যাম টি প্ৰডাক্টছ,শ্যাম উদ্যোগ আৰু গড়াজান চাহ বাগিচাৰ অন্যতম সহযোগী। চাহ উদ্যোগৰ সৈতে জড়িত হোৱাৰ উপৰিও কমল জালান বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰু তেখেতে বহু সংখ্যক বিনামূলীয়া চেনিটেৰী পেড বিতৰণ কৰাৰ বাবে তেখেতক অসমৰ পেডমেন বুলিও কোৱা হয়।তেখেতে মঘাই ওজা আৰু হীৰেণ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্ত্তি দান কৰি নিজৰ সাংস্কৃতিক মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে তেখেতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু মণিৰাম দেৱানৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ চিন্তা কৰিছে। আনহাতে আজিৰ সভাত নেটাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা অজয় ধান্দাৰিয়া গোলাঘাটৰ বাসিন্দা আৰু কাৰ্বি আংলং স্থিত পৰমেশ্বৰী চাহ কোম্পানীৰ স্বত্বাধিকাৰী। অধ্যক্ষ কমল জালানৰ দৰে উপাধ্যক্ষ অজয় ধান্দাৰিয়াও বিভিন্ন সামাজিক কামকাজৰ সৈতে জড়িত। স্মৰ্তব্য যে ১৯৮১ চনতে চাহ উৎপাদনকাৰী সকলৰ এক সংস্থা হিচাপে জন্ম লাভ কৰা নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ সম্প্ৰতি পৰিসৰ বৃদ্ধি পাই অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ মুঠ ১৬৩ চাহ বাগিচা আৰু বটলীফ ফেক্টৰী সদস্য হিচাপে আছে আৰু সকলোৰে মিলি বাৰ্ষিক ১০২ মিলিয়ন কিল’গ্ৰাম চাহ উৎপাদন হয়।

নলবাৰীত মুছলমান মহিলাৰ সৱলীকৰণ সভা অনুষ্ঠিত

খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থিক সামাজিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে যোৱা চাৰি জুলাইত অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ সৈতে আলোচনাত মিলিত হৈছিল৷ সেই আলোচনাৰ অন্তত খিলঞ্জীয়া মুছলমান সকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সাতখন উপ সমিতি গঠন কৰি তিনি মাহৰ ভিতৰত তেওঁলোকক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল৷

সেই সাত সমিতিৰ ভিতৰৰে মহিলা সৱলীকৰণ সমিতিখনৰ এটা প্ৰতিনিধি দলে সোমাবাৰে নলবাৰীত উপস্থিত হৈ জিলাখনৰ খিলঞ্জীয়া মুছলমানৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰা হয়৷

জানিব পৰা মতে মহিলা সৱলীকৰণ সমিতিৰ অধ্যক্ষা ডঃ নাজবানা আহমেদ, সদস্যা ডাঃ জিছান আহমেদ,সদস্য সচিব ফৰিদা চামচুল আদি উপস্থিত হৈ জিলাখনৰ বিশেষকৈ মহিলা সৱলীকৰণ সন্দৰ্ভত আলোচনা কৰে৷ যুৱ সমাজকৰ্মী তথা সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গিয়াছ আলীয়ে সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাৰ লগতে বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷আলোচনা কালত নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত ফিৰদোছ আলম, অতিৰিক্ত উপায়ুক্ত চয়ানিকা ঠাকুৰীয়া,অংশুলিশা দত্ত পাঠক আদি উপস্থিত থাকে৷