লাভলীনাক আদৰিবলৈ সাজু অসমবাসী

0 222

টকিঅ` অলিম্পিকত বক্সিং প্ৰতিযেগিতাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক বিজয় কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই কালিলৈ উভতি আহিব আপোন ঘৰলৈ। সেয়েহে তেওঁক আদৰিবলৈ অসম চৰকাৰ প্ৰশাসন তথা ৰাইজ অধীৰ আগ্ৰহী হৈ পৰিছে।লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা খেলুৱৈ গৰাকীক আদৰি আনিবলৈ অসম ৰাজ্যিক পৰিবহন কৰ্প’ৰেশ্যনে সাজু কৰিছে বিশেষ বাছ। য’ত অংকিত হৈছে খেলুৱৈ গৰাকীৰ প্ৰতিচ্ছবি। আনহাতে, তেওঁ অহাৰ পথত আঁৰিবৰ বাবেও সাজু কৰা হৈছে প্ৰকাণ্ড বেনাৰ।গৌৰৱৰ মুহূৰ্তক অধিক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস অতুলনীয়।

Leave A Reply

Your email address will not be published.