দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পুৰুষৰ লগতে একাংশ শিক্ষিত মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলৰ বিচিত্ৰা বৰুৱা দাস নামৰ এগৰাকী শিক্ষিত মহিলাই ঘৰতে এখন ছাগলী ফাৰ্ম খুলি বছৰি প্ৰায় পাঁচ লক্ষ্যধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰপাক অঞ্চলৰ আদৰ্শ কৃষক প্ৰদীপ দাসৰ বোৱাৰী তথা বিচিত্ৰা বৰুৱা দাসে প্ৰথমে এজনী উন্নত জাতৰ ছাগলী পালন কৰিছিল। ইয়াৰ পাছতেই মহিলা গৰাকীয়ে ঘৰতে এখন সৰুকৈ ছাগলী ফাৰ্ম আৰু হাঁহ পালন কৰি নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন দুটা পৰিয়াল পো-পালন দিবলৈ সক্ষম হৈছে।বৰ্তমান সময়ত মহিলা গৰাকী ফাৰ্ম খনত ৩০ টাকৈ অধিক উন্নত জাতৰ ছাগলী থকাৰ উপৰিও বিক্ৰী কৰিব পৰা ছাগলী সংখ্যা হৈছে ১৮ টা। এটা ছাগলী তেওঁ ১০ৰ পৰা ১৫ হাজাৰ টকাৰ মূল্যত বিক্ৰী কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।বৰ্তমান সময়ত বৃহত্তৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলত ছাগলী পালন কৰি স্বাৱলম্বী হোৱা বিচিত্ৰা বৰুৱা দাস বহু মহিলাৰ আদৰ্শ স্বৰূপ হৈ পৰিছে।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting