ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ চৌহদৰ আবাসীক এলেকাত ১৯ জানুৱাৰীত দিবা নৈশ কাৰ্যসূচীৰে বাৰ্ষিক ক্ৰীড়া সমাৰোহখন অনুষ্ঠিত হয়।সমাৰোহত এথলেটিকছ,ৰিলে ৰেছ,জেভলিন থ্ৰো,চটপুট,হাৰ্ডেল আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।তেনেদৰে শিশুৰ মাজত চিত্ৰাংকন আৰু স্কেটিং প্ৰতিযোগিতা হয়।আনহাতে পুৱা আবাসীক এলেকাৰ আবাসী,প্ৰাধিকৰণৰ মহিলা কল্যাণ সংস্থা কল্যাণময়ী’ৰ কৰ্মকৰ্তা সদস্য সকলৰ উপস্থিতিত বাৰ্ষিক ক্ৰীড়া সমাৰোহখন উদ্বোধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে।অনুষ্ঠানটোত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ক্ৰীড়া নিয়ন্ত্রণ পৰিষদৰ কেবাগৰাকী সদস্য উপস্থিত থাকে।ইয়াৰ উপৰি নিশা আবাসীক এলেকাৰ ক্ৰীড়া প্ৰকল্প চৌহদত সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীব জিন্দালে প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা আৰু মানপত্র প্ৰদান কৰে।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত