পঞ্চমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ডিভা২০১৯।আজি এই সম্পৰ্কে টাজ ভিভাণ্টাত আয়োজিত এক সংবাদ মেলত আয়োজক মণ্ডলীৰ হৈ জাৰিৰ হুছেইনে কয় যে উত্তৰ পূৱৰ প্ৰতিভাৱান যুৱতীসকলে মঞ্চ দিয়াৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে।ইতিপূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কাম কৰি আছে ।এইবাৰৰ প্ৰতিযোগিতাৰ প্ৰথম গৰাকী বিজয়ী প্ৰতিযোগীয়ে মিচ ডিভা ২০২০ ত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ লাভ কৰিব ।উল্লেখযোগ্য যে নৰ্থ ইষ্ট ডিভাই অসমৰ সোণালী সুতাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে ।এই সম্পৰ্কে প্ৰাইড ইষ্ট ইণ্টাৰটেইনমেণ্টৰ সঞ্চালিকা ৰিনিকি ভূঞাই কয় যে নৰ্থ ইষ্টৰ বহুতো সুন্দৰ যুৱতী আছে।উপযুক্ত মঞ্চ নোপোৱাৰ পৰিপ্ৰেক্ষিতত পিছপৰি আছে।স্মৰ্তব্য যে অহা ৫আগষ্টত গুৱাহাটীত নৰ্থ ইষ্ট জিভাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব।ইচ্ছুক প্ৰতিযোগীয়ে www.northeastdiva.com ত লগ অন কৰি নাম পঞ্জীয়ন কৰিব পাৰিব।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত