পেপাৰ প্লেটে ব্যৱসায় গঢ়িছে ৰূপমে

উদ্যমীৰ উদ্যমৰ কোনো পৰিধি নাথাকে।সময় আৰু পৰিস্থিতি যিমানেই ভয়ানক নহওক কিয় নিজে নিজৰ বাট বুলিব জানে।এই সকলোবোৰ কথা সত্য বুলি প্ৰমাণিত কৰি আগবাঢ়িছে ৰঙিয়াৰ এজন যুৱকে।

যুৱকজন এসময়ত ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত আছিল।ব্যক্তিগত খণ্ডৰ কোম্পানীৰ শোষণ আৰু লবীৰ বাবে সেই কামত তিস্তি থাকিব নোৱাৰিলে ।কিন্তু তেওঁ তাতে থমকি নৰ’লে।

ঘৰতে আৰম্ভ কৰিলে ভূমি ইণ্টাৰ প্ৰাইজ শীৰ্ষক এক পেপাৰ উদ্যোগৰ।উদ্যোগটোৱে ইতিমধ্যে যথেষ্ট প্ৰসাৰ লাভ কৰিছে।ৰঙিয়াৰ সমীপৱৰ্তী বজাৰত চাহিদা বাঢ়িছে ।

এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত ভূমি এণ্টাৰপ্ৰাইজৰ ৰূপম বৈশ্যই কয় যে দৈনিক প্ৰায় ৩০০ৰ পৰা ৫০০ প্লেট উৎপাদন কৰো।পৰিবেশ অনুকুল আৰু ক্ষয় যোগ্য হোৱাৰ বাবে আমাৰ উদ্যোগত উৎপাদিত প্লেটৰ চাহিদা বেছি।

চাকৰি মুখী নহৈ নিজকে উদ্যমী হিচাপে গঢ় দিয়া ৰূপম বৈশ্যৰ এই যাত্ৰা সফল হওক।আমি জনালো বহু শুভকামনা।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

ভাষা, কৃষ্টি, সংস্কৃতিৰ বিপৰীত মেৰুত অৱস্থান কৰা সকলৰ বাবে সৰৱ মুমিনুল আৱাল

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে অসমীয়া জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই মোগলজোঁট গঠন কৰা বুলি মন্তব্য কৰিছে বিজেপি নেতা তথা অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে। আজি গুৱাহাটীত সাংবাদিকৰে মত বিনিময় কৰি আৱালে কয় যে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে কংগ্ৰেছ দলে যি মহাজোঁট গঠন কৰাৰ কথা কৈছে সেয়া প্ৰকৃততে মোগলজোঁটহে।

 

 

কিয়নো কংগ্ৰেছে যিবোৰ দলক লৈ মিত্ৰজোঁট গঠন কৰিছে সেইবোৰ অসমৰ জাতীয় ঐতিহ্য¸ কৃষ্টি-সংস্কৃতি¸ পৰম্পৰা তথা জাতীয় সত্ত্বাৰ বিপৰীতে অৱস্থান কৰা শক্তি। আৱালে কয় যে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ বাংলাদেশী মুছলমানৰ তৃতীয় সংস্কৰণ। বাংলাদেশী মুছলমানৰ প্ৰথম সংস্কৰণ আছিল আমছু। আনহাতে ১৯৮৫ চনত ৰাজনৈতিকভাৱে দ্বিতীয় সংস্কৰণটোৰ আবিৰ্ভাৱ হৈছিল ইউএমএফ’ৰ ৰূপত। আকৌ কুখ্যাত আইএমডিটি আইন বাতিলৰ পাছত এআইইউডিএফ’ৰ ৰূপত জন্ম হৈছিল তৃতীয়টো সংস্কৰণৰ। এতিয়া এই বাংলাদেশীৰ শক্তিক লৈয়েই কংগ্ৰেছে মিত্ৰজোঁট গঠন কৰিছে। আৱালে কয় যে কংগ্ৰেছৰ মহাজোঁটৰ অংশীদাৰ বাওঁ দলসমূহেও সদায় অসমৰ জাতীয় স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰি আছে। অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰসংগত বাওঁ দলসমূহৰ স্থিতি¸ ভূমিকা আৰু আচৰণ কি আছিল সেয়া ৰাইজে জানে। বাওঁ দলসমূহে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল। এই ৰাজনৈতিক শক্তিয়ে কেতিয়াও অসমীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাছিল। যাৰ বাবে কংগ্ৰেছ দলে এআইইউডিএফ আৰু বাওঁ দলসমূহক লৈ গঠন কৰা মহাজোঁট নিশ্চিতভাৱে মোগল-জোঁটলৈ পৰিণত হৈছে। এই মহাজোঁট অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে অশুভ ইংগিত। বিজেপি নেতাগৰাকীয়ে কয় যে অসমত পোন প্ৰথমে কংগ্ৰেছেই আমছু আৰু ইউএমএফ’ৰ জৰিয়তে ৰাজনৈতিকভাৱে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে। আমছু¸ ইউএমএফ আৰু এআইইউডিএফ’ৰ জৰিয়তে কংগ্ৰেছে পূৰ্বৰেপৰা অসমীয়া সমাজখনক ভাগ ভাগ কৰিবলৈ ধৰ্মৰ আশ্ৰয় লৈ আহিছে। এই শক্তিসমূহক লৈ কংগ্ৰেছে ৰাজ্যখনত ধৰ্মীয় মেৰুকৰণ কৰি আছে। আৱালে কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী¸ বিভিন্ন ভাষা-ভাষী¸ ধৰ্মাৱলম্বী লোকৰ স্বাৰ্থত তেওঁলোকক লগত লৈ কংগ্ৰেছৰ মহাজোঁটৰূপী মোগল-জোঁটৰ বিৰুদ্ধে ৰণত অৱত্তীৰ্ণ হ’ব আৰু ইয়াত নিশ্চিতভাৱে কংগ্ৰেছ পৰাজিত হ’ব। ইয়াৰ পূৰ্বে মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰিছিল আৰু ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠী¸ ধৰ্মাৱলম্বী লোকে প্ৰতিবাৰেই মোগলক পৰাস্ত কৰিছিল। ২০২১ চনত মোগলৰ চিন্তা-চৰ্চাৰে গঠন কৰা মহাজোঁট ১৮ বাৰৰ বাবে পৰাজিত কৰিব। জনসাধাৰণে কংগ্ৰেছৰ জাতিধ্বংসী চিন্তাক প্ৰতিহত কৰিব।

 

আৱালে পুনৰ কয় যে বিজেপিক সাম্প্ৰদায়িক দল বুলি সততে অভিযোগ কৰা হয় যদিও কংগ্ৰেছৰ শাসনকালতহে অসমত ইছলামধৰ্মীয় লোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছ আমোলত ইছলামধৰ্মী লোকক হত্যা কৰা হৈছিল। নিৰ্যাতন চলোনা হৈছিল। এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত তেনে পৰিবেশ নাই। কংগ্ৰেছৰ উদ্যোগতহে অসমত প্ৰথম সাম্প্ৰদায়িক চিন্তাৰ উন্মেষ ঘটিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৰ্মীয় চিন্তাৰ ঊৰ্ধত থাকি অসমত মোগলৰ আক্ৰমণ চলি থকাৰ কথা কোৱা বুলি দোহাৰি আৱালে কয় যে অসমৰ ভাষা¸ কৃষ্টি-সংস্কৃতি¸ ঐতিহ্য-পৰম্পৰাৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰাসকলহে মোগল আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈ সকলোকে আহ্বান জনাইছে।

অৱশেষত ন্যায় পালে চিকিৎসক দত্তৰ পৰিয়ালে

২০১৯ চনৰ ৩১ আগষ্ট কথা।টীয়ক চাহ বাগিচাত সংঘটিত হৈছিল এক অমানৱীয় হত্যাকাণ্ড।টীয়ক চাহ বাগিচা একাংশ শ্ৰমিকে চিকিৎসক দেবেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।প্ৰয়াত চিকিৎসক গৰাকী ন্যায়ৰ বাবে সকলোৱে দাবী জনাইছিল।

 

 

অৱশেষত ন্যায় লাভ কৰিলে দত্তৰ পৰিয়ালটোৱে।প্ৰায় ১৪মাহ পিছত ঐতিহাসিক ৰায় দান হ’ল।আজি যোৰহাট সত্ৰ ন্যায়লয়ে ঘটনাৰ লগত জড়িত ২৪ জন অপৰাধীক যাৱত জীৱন কাৰাদণ্ড বিহাৰ লগতে সঞ্জয় ৰাজোৱাৰ নামৰ এজনক ফাঁচীৰ ৰায় প্ৰদান কৰিছে।এই শুনানি গ্ৰহণ কৰি আবেগিক হৈ পৰিল প্ৰয়াত চিকিৎসক গৰাকীৰ পত্নী আৰু জীয়াৰী।

 

 

আনহাতে এই ৰায় শুনানিৰ সম্পৰ্কে জ্ঞাত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  মানৱ অধিকাৰকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই কয় যে এনেধৰণৰ হত্যা,হিংসা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্য্যায়ত এখন কঠোৰ আইন শীঘ্ৰে বলৱৎ হোৱা উচিত।এই গোচৰক ক্ষীপ্ৰতাৰে আগবঢাই নিয়া যোৰহাটৰ আৰক্ষী অধীক্ষক আই পি এচ বৈভৱ চি নিম্বালকৰক প্ৰশংসা কৰে।লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মোকৰ্দমাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেখেতে ধন্যবাদ জ্ঞাপন কৰে।

এপ’ল’ হস্পিতালে চিনিয়ৰ চিটিজেন কেয়াৰ আৰম্ভ কৰিছে

এপ’ল হস্পিতালে আজি চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰামৰ শুভাৰম্ভ কৰিছে। এই কাৰ্য্যক্ৰমৰ অধীনত প্ৰতিজন জেষ্ঠ নাগৰিকে হাস্পতালখনৰ তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিব।

 

 

সমাজৰ বয়সিয়াল সকলো জেষ্ঠ নাগৰিকে এপ’ল’ হস্পিতাল আৰু এপ’ল’ মেডিকেল চেণ্টাৰৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সুবিধা সমূহ লাভ কৰিব।চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগামৰ অধীনত গুৱাহাটীৰ এপ’ল’ হস্পিতালে স্বাস্থ্যসেৱা যেনে এপ’ল’ স্বাস্থ্য পৰীক্ষা, লেবৰেটৰী তথা ৰেডিঅ’লজী পৰীক্ষা নিৰীক্ষা আদিত বিশেষ ৰেহাই প্ৰদান কৰিব। ইয়াৰ উপৰিও হস্পিতাল ঘৰৰ পৰা ৰক্ত নমুনা সংগ্ৰহ ,ৰোগীৰ ঘৰলৈ ঔষধ-পাতি যোগান আৰু জৰুৰী কালীন সময়ত গুৱাহাটী মহানগৰৰ ভিতৰত এম্বুলেঞ্জ সেৱা বিনামূলীয়া ভাৱে প্ৰদান কৰিব প্ৰতিজন জেষ্ঠ নাগৰিকক। এই সেৱা অতি শীঘ্ৰেই কাৰ্য্যকৰী হ’ব।

বিলাসীপাৰাৰ অভিজিতলৈ বাৰ্ষিক শৈক্ষিক বৃত্তি -উৎফুল্লিত সহপাঠী ছাত্ৰ ছাত্ৰী

ধুবুৰী জিলাৰ বিলাসীপাৰাস্থিত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে। কিয়নো বিদ্যালয়খনৰ অভিজিত দাস নামৰ ছাত্ৰজনে বাৰ্ষিক বৃত্তি আজুৰি আনিবলৈ সক্ষম হৈছে। ছাত্ৰজনক বিদ্যালয়খনৰ সভাকক্ষত আয়োজিত এক  সভাত মানপত্ৰৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। সেয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসলৰ লগতে ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।

 

 

উল্লেখ্য যে, যোৱা বৰ্ষৰে পৰা বিশিষ্ট সমাজসেৱক, প্ৰাক্তন বিলাসীপাৰা চহৰৰ নগৰপালক তথা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সোঁৱৰণত তেখেতৰ জীয়ৰী কবিতা কলিতাই কৃতি শিক্ষাৰ্থীৰ মাজত এই বৃত্তি আগবঢ়াই আহিছে। গুৱাহাটীৰ কৃতি শিক্ষয়ত্ৰী হিচাপে খ্যাত কবিতাই আগবঢ়োৱা এই বৃত্তি আজুৰিবলৈ সক্ষম হয়। দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি অহা বিলাসীপাৰা ৮নং ৱাৰ্ডৰ অনিল দাসৰ পুত্ৰ অভিজিতে যোৱা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

 

মুঠ ৮৬ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰজনক এই বৃত্তি আগবঢ়াই দাতা পৰিয়ালটোয়ে সন্তুষ্টি লাভ কৰে মত প্ৰকাশ কৰে। বাৰ্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক তথা সমাজ সেৱক ডা:কানু লাল দাস,প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সহধৰ্মিনী তথা অবসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জলি বৰকলিতা, বিদ্যালয়খনৰ অধ্যক্ষ সাহানৰ ৰহমান, বিষয় শিক্ষক বেনুধৰ শৰ্মা, শিক্ষক আখতাৰ আলমকে ধৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল অংশগ্ৰহণ কৰে।

খবৰ যুগুতালে বিলাসীপাৰাৰ পৰা অমৃত চৌধুৰীয়ে..