পেপাৰ প্লেটে ব্যৱসায় গঢ়িছে ৰূপমে

3 304

উদ্যমীৰ উদ্যমৰ কোনো পৰিধি নাথাকে।সময় আৰু পৰিস্থিতি যিমানেই ভয়ানক নহওক কিয় নিজে নিজৰ বাট বুলিব জানে।এই সকলোবোৰ কথা সত্য বুলি প্ৰমাণিত কৰি আগবাঢ়িছে ৰঙিয়াৰ এজন যুৱকে।
যুৱকজন এসময়ত ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত আছিল।ব্যক্তিগত খণ্ডৰ কোম্পানীৰ শোষণ আৰু লবীৰ বাবে সেই কামত তিস্তি থাকিব নোৱাৰিলে ।কিন্তু তেওঁ তাতে থমকি নৰ’লে।
ঘৰতে আৰম্ভ কৰিলে ভূমি ইণ্টাৰ প্ৰাইজ শীৰ্ষক এক পেপাৰ উদ্যোগৰ।উদ্যোগটোৱে ইতিমধ্যে যথেষ্ট প্ৰসাৰ লাভ কৰিছে।ৰঙিয়াৰ সমীপৱৰ্তী বজাৰত চাহিদা বাঢ়িছে ।
এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত ভূমি এণ্টাৰপ্ৰাইজৰ ৰূপম বৈশ্যই কয় যে দৈনিক প্ৰায় ৩০০ৰ পৰা ৫০০ প্লেট উৎপাদন কৰো।পৰিবেশ অনুকুল আৰু ক্ষয় যোগ্য হোৱাৰ বাবে আমাৰ উদ্যোগত উৎপাদিত প্লেটৰ চাহিদা বেছি।
চাকৰি মুখী নহৈ নিজকে উদ্যমী হিচাপে গঢ় দিয়া ৰূপম বৈশ্যৰ এই যাত্ৰা সফল হওক।আমি জনালো বহু শুভকামনা।

3 Comments
  1. Juga Prashad says

    Very Good News+

  2. Moni Das says

    তোমালৈ সদায় শুভেচ্ছা… আগবাঢ়ি যোৱা❤️

  3. অনামিকা says

    ৰূপমলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
    আগবাঢ়ি যাওঁক ভূমি এন্টাৰপাইজ।

Leave A Reply

Your email address will not be published.