ভাষা, সাহিত্য ,সংস্কৃতি বিষয়ক আন্তঃ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

0 246

নেপালৰ ত্রিভূৱন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ উদ্যোগত, অসম সাহিত্য সভাৰ অসম তত্ত্ব গৱেষণা সংস্থান আৰু নেপালী সাহিত্য সভাৰ সৌজন্যত কাঠমাণ্ডুত আজিৰে পৰা দুদিনীয়াকৈ ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু চৰ্যাপদ বিষয়ক আলোচনা চক্ৰ  হৈছে । অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন বুলি বিভিন্ন লেখক সমালোচকে দাবী কৰা চৰ্যাপদৰ মূল নিৰ্ধাৰণ আৰু ইয়াক জনপ্ৰিয় কৰাৰ উদ্দেশ্য কাঠমাণ্ডুৰ ত্ৰিভূৱন বিশ্ববিদ্যালয়ত আয়োজন কৰা আলোচনা চক্ৰখন শুভ উদ্বোধন কৰে ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰেক্টৰ, অধ্যাপক ডঃ শিৱলাল ভূশালে ৷
মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড°পৰমানন্দ ৰাজবংশী , প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম নেপালী সাহিত্য সভাৰ সম্পাদক ৰুদ্ৰ বৰাল আদিৰ উপস্থিতিত সন্মিলন আৰু আলোচনা সত্ৰখন উদ্বোধন কৰি তেওঁ কয় যে সহজানপন্থী সিদ্ধাচাৰ্যসকলে নিজৰ ধৰ্মমত প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা গীতসমূহক চৰ্যাপদ বুলি কোৱা হৈছে ৷ চৰ্যাপদ বিলাকত আমি অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ প্ৰাচ্য ভাৰত তথা প্ৰাচীন কামৰূপৰ সমাজৰ ছবি দেখিবলৈ পাও। চৰ্যাপদবোৰৰ মাজেৰে দৃষ্টিগোচৰ হয় যে সহজানপন্থীসকলৰ সমাজখনৰ কেন্দ্ৰবিন্দু হ’ল সাধন তত্ত্ব আৰু নিৰ্বান প্ৰাপ্তিৰ অভিলাষ ৷ সেয়ে ইয়াক অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এনেদৰে বক্তব্য দাঙি ধৰি উপাচাৰ্যজনে আলোচনা চক্ৰ  খনৰ জৰিয়তে অসমীয়া, নেপালী আৰু হিন্দীকে ধৰি বিভিন্ন ভাষা-ভাষীৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিব বুলিও মন্তব্য দিয়ে ।
আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত অতিথি আৰু বিভিন্ন দেশৰ গৱেষক, অধ্যাপকসকলক আদৰণি জনায় ডঃ পৰমানন্দ ৰাজবংশীয়ে কয় যে চৰ্যাপদৰ আলোচনাই প্ৰাচীন কালৰে পৰা প্ৰাচীন কামৰূপ আৰু নেপালৰ মাজত থকা সাংস্কৃতিক সমন্বয়ৰ ইতিহাস উন্মোচন কৰিব বুলি আশা ব্যক্ত কৰে ৷ লগতে এই কাৰ্যই আধুনিক অসম আৰু নেপালৰ মাজত সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাব বুলিও তেওঁ মন্তব্য দিয়ে ৷
গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত আলোচনা সত্ৰখনিত নেপালৰ লুম্বিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হৃদয়ৰত্ন ব্ৰজচাৰ্য , লুম্বিনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, অধ্যাপক ড° ত্ৰিৰত্ন মানধাৰ ,
ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° পেশল ডাহাল, ইউনিভাৰচিটি অফ চায়েঞ্চ এণ্ড টেকন’লজি, মেঘালয়ৰ শিক্ষা সঞ্চালক ড° বলেন্দ্ৰকুমাৰ দাস,অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক যাদৱচন্দ্ৰ শৰ্মা, প্ৰাচ্যবিদ্যাৰ্ণৱ ড° মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক ডঃ কুটুবুদ্দিন আহমেদ, অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱকুমাৰ শৰ্মা আৰু বিশিষ্ট সমালোচক ড° দিলীপ কলিতাই বক্তব্য প্ৰদান কৰে ৷
 
উদ্বোধনী অনুষ্ঠানৰ পিছতে ইংৰাজী আৰু অসমীয়া উভয় ভাষাত আলোচনা চক্ৰ খনৰ প্ৰথম অধিৱেশন আৰম্ভ হয় ৷ অধিৱেশনৰ আৰম্ভণিতে কাঠমাণ্ডুৰ এদল শিশু আৰু পুৰুষ-মহিলা কেইবাটিও দলৰ বিভিন্ন শিল্পীয়ে পৰিৱেশ্য কলা ৰূপে চৰ্যাপদ পৰিবেশন কৰে । “চৰ্যা” বিষয়ক প্ৰথম অধিৱেশনত অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই “চৰ্যাপদৰ শব্দ সম্ভাৰত প্ৰাচীন কামৰূপী শব্দৰ ব্যৱহাৰ : এটি যুক্তিনিষ্ঠ আলোচনা” , ড° অলকা শৰ্মাই “চৰ্যাপদত অসমৰ সমাজজীৱনৰ ছবিৰ বিশ্লেষণাত্মক অধ্যয়ন”,মনোজকুমাৰ বৰুৱাই “চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক”, ৰিতুপৰ্ণ বৰুৱাই “চৰ্যাপদ , অসমীয়া চৰ্যাকাৰ, তদানীন্তন অসমীয়া সমাজ আৰু সংস্কৃতি” আৰু তৃষ্ণা কলিতাই “চৰ্যাপদ আৰু সমসাময়িক সমাজ”, মল্লিকা ৰহমান হাজৰিকাই “চৰ্যাপদ পুৰণি অসমৰ ঐতিহ্যবাহী সম্পদ” শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰে ।
চৰ্যা বিষয়ক দ্বিতীয় অধিৱেশনত শেৱালি গগৈয়ে চৰ্যাপদ আৰু বৰগীত : এক তুলনামূলক অধ্যয়ন”, নৱমল্লিকা ডেকাই “মহিলাৰ আত্মজীৱনী: অসমীয়া আৰু নেপালী ভাষাৰ চাৰিখন মহিলা আত্মজীৱনীৰ তুলনামূলক অধ্যয়ন”, বিভূতিমোহন শৰ্মাই “charyapada and its spelling: a textual study”, মায়াশ্ৰী গোস্বামী আৰু জ্ঞানশ্ৰী গোস্বামীয়ে “চৰ্যাপদ আৰু অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক আলোচনা” শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰে ।
“চৰ্যা আৰু ৰামকথা” বিষয়ক তৃতীয় অধিৱেশনত খেমৰাজ নেপালে “চৰ্যাপদ আৰু নেপালী ভাষা”, সুধা শৰ্মাই “চৰ্যাপদত নাৰী”, ড° সঞ্জীৱকুমাৰ শৰ্মাই “Ramkotha tradition in Assam and among the tribal communities of the region”,আৰু গায়ত্ৰী নেৱাৰে “মাধৱ কন্দলি আৰু ভানুভক্ত আচাৰ্যৰ ৰামায়ণৰ সমাজ ছবিৰ এক অধ্যয়ন” শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰে ।
 
চৰ্যাপদ বিষয়ত বুৎপত্তি থকা নেপাল আৰু ভাৰতৰ কেইবাগৰাকী গৱেষকৰ লগতে অসম, উত্তৰ প্ৰদেশ, বিহাৰ আৰু কাঠমাণ্ডুৰ দুই শতাধিক গৱেষক শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু শিল্পী সাহিত্যকে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.