ছেপ্তেম্বৰ মাহৰ পহিলা দেওবাৰৰ পৰা দেশজুৰি বলবৎ হোৱা নতুন যান-বাহন আইন (সংশোধন)২০১৯ খন সন্দৰ্ভত চালক, পথ ব্যৱহাৰকাৰী, ছাত্ৰ-ছাত্ৰী আৰু যান-বাহন গৰাকী, পৰিবহন সন্থা সমূহৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে ৰাজ্যৰ জিলা পৰিবহন বিষয়াসকলক নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামণি ৰয়চম চ’কৰ যোৱা ২ ছেপ্তেম্বৰত এখন পথ সজাগতা সভা অনুষ্ঠিত হয়। সভাত মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও বাছ মালিক সন্থা, শ্ৰমিক সন্থা, সাংবাদিক সকলৰ উপৰিও দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সদস্য সকল উপস্থিত থাকে। আনহাতে সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে নতুন যান-বাহন আইন খনৰ লক্ষ্য,উদ্দেশ্য বাখ্যা দাঙি ধৰি আইন ভংগ কৰিলে কেনেধৰণৰ শাস্তি হ’ব সেই বিষয়ত চমুকৈ ব্যক্ত কৰে। সভাত যান বাহন পৰিদৰ্শক নইমুদ্দিন আহমেদ, জয় সি ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, ৰমাকান্ত পাচি আৰু এম প্ৰকাশ উপাধ্যয়কে ধৰি কেইবাগৰাকী সহ: প্ৰৱৰ্তক পৰিদৰ্শক চেকাৰ উপস্থিত থাকে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ সুৰক্ষা বিষয়ক লৈ এখন বাটৰনাট প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও যান-বাহন চালক গৰাকীসকলকৰ মাজত নতুন আইন বিষয়ক গোহাৰী পত্ৰ বিতৰণ কৰা হয়। আনহাতে বিয়লী ছয়গাঁৱতো অনুৰূপ এখন পথ সভা অনুষ্ঠিত হয়।

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত