ৰাজ্যত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ৰাইজক কিঞ্চিত হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰী বান সাহাৰ্য্য পুঁজিলৈ দান আগবঢ়াইছে।আজি দিছপুৰ সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ কক্ষত এদিনৰ দৰমহাৰ বিপৰীতে যাৱতীয় চেকখন প্ৰদান কৰে জিলা পৰিবহন বিষয়া অৰুণ কুমাৰ বৰাৰ লগত যোৱা সজাতি দলটোৱে।জিলা পৰিবহন বিষয়া গৰাকীয়ে জনোৱা মতে দুৰ্গত সকলক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াব।

নামৰূপৰ সাৰ কাৰখানালৈ আহিছে ভাল খবৰ
নামৰূপ কাৰখানাৰ বাবে আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোটৰ স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনাত উপস্থিত থকাৰ পিছতে কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।
লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত সেউজ সংকেত দিব।উল্লেখযোগ্য যে ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজি বৈঠকত বিত্তমন্ত্ৰী গৰাকীয়ে চতুৰ্থটো গোট স্থাপনৰ স্থাপনৰ সম্ভাৱনাৰ থকা কথা সদৰি কৰে।
ভিউৱাছৰ মতামত