বিনামুলীয়া চকু পৰীক্ষণ আৰু কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত

0 205

উত্তৰ পূবৰ আগশাৰীৰ চিমেণ্ট নিৰ্মাতা প্ৰতিষ্ঠান টপচেম চিমেণ্টে আৰ্থিকভাৱে অনগ্ৰসৰ তথা দৃষ্টি শক্তি হেৰুৱা বৃদ্ধ লোকসকলৰ বাবে বিনামূলীয়া চকু পৰীক্ষণ আৰু কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰে।এই সম্পৰ্কে আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত মেঘালয় চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডক্টৰ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে সামাজিক দায়বদ্ধতাৰে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে ।ইয়াৰ অংশ স্বৰূপে ২০ গৰাকী ৰোগীক নেমকেয়াৰ হস্পিতালৰ সহযোগত অস্ত্ৰোপচাৰ সম্পন্ন কৰে।উল্লেখযোগ্য যে গুৱাহাটীৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰে।সৰ্বমুঠ ১৬২ গৰাকীৰ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।ইয়াৰ উপৰিও ২৮জুলাইত মৰিগাঁও জিলাৰ ৩৫০টা পৰিয়ালৰ মাজত সাহাৰ্য্য যোগান ধৰে।আজিৰ সংবাদ মেলত শংকৰদেৱ নেত্ৰালয়ত ডাক্তৰ পুণিত মিশ্ৰ, দ্বীপজ্যোতি মেধি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.