বানত দুৰ্গত ৰাইজলৈ সাহাৰ্য্য আগবঢ়ালে কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ে

0 289

ৰাজ্যত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত ৰাইজক কিঞ্চিত হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্য্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰী বান সাহাৰ্য্য পুঁজিলৈ দান আগবঢ়াইছে।আজি দিছপুৰ সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ কক্ষত এদিনৰ দৰমহাৰ বিপৰীতে যাৱতীয় চেকখন প্ৰদান কৰে জিলা পৰিবহন বিষয়া অৰুণ কুমাৰ বৰাৰ লগত যোৱা সজাতি দলটোৱে।জিলা পৰিবহন বিষয়া গৰাকীয়ে জনোৱা মতে দুৰ্গত সকলক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াব।

Leave A Reply

Your email address will not be published.