উত্তৰ পূবৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ অৱতৰণ কাৰ্য আৰু ৰাণৱেত বিমান ৰাখিবৰ বাবে স্বয়ংক্রিয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে।২৭ জানুৱাৰীত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বিমান বন্দৰটোত এ চি ডি এম পদ্ধতি মুকলি কৰাৰ লগে লগে এই পদ্ধতি সুবিধা থকা গুৱাহাটী উত্তৰ পূবৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত অষ্টমটো বিমান বন্দৰ হিচাপে পৰিগণিত হয়।অনুষ্ঠানটোত গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীর্ষ বিষয়া অভিযন্তা সকল উপস্থিত থাকে।উল্লেখযোগ্য যে এই পৰ্যন্ত দিল্লী,মুম্বাই,চেন্নাই,জয়পুৰ,আহমেদাবাদ আৰু তিৰুৱন্তপুৰম বিমান বন্দৰত এই সুবিধা উপলব্ধ হৈছে।বায়ু যাতায়ত নিয়ন্ত্রক চমুকৈ এ চি চিৰ লগত সংযোজন কৰা এই পদ্ধতিত বিমান এখনৰ পাইলটৰ উপৰিও বিমান বন্দৰৰ ৰাণৱেত বিমানৰ উৰণ অৱতৰণ কাৰ্যৰ নিয়ন্ত্রণৰ লগত জড়িত বিষয়া,কৰ্মচাৰী অভিযন্তা সকলে বিমান বন্দৰৰ ৰাণৱেত বিমানখন ক’ত অৱতৰণ কৰিব,ক’ৰ পৰা উৰা মাৰিব,অৱতৰণ কৰি যাত্রীকে ধৰি সা সামগ্রী নমোৱাৰ পাছত বিমানখন ক’ত ৰখোৱা হ’ব বা পৰৱৰ্তী উৰণৰ বাবে ক’ত অপেক্ষা কৰিব তাক স্বয়ংক্রিয়ভাৱে নিৰ্দেশনা বা সংকেত লাভ কৰিব।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত